/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/agrani-news.jpg)
ডিজিটেল সংবাদ গুৱাহাটী: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ডনবস্ক স্কুলত 'জ্যোতি প্ৰপাত২০২৪-২৫'' শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । উক্ত অনুষ্ঠানটিত গুৱাহাটীৰ প্ৰায় সংখ্যক ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব।
প্ৰথম বাৰৰ বাবে ডনবস্ক স্কুলৰ অসমীয়া বিভাগৰ দ্বাৰা অনুষ্ঠিত হ'ব লগিয়া অনুষ্ঠানত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰু অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আবৃত্তিৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুটী বিখ্যাত কবিতা নিৰ্দিষ্ট কৰা হৈছে। কবিতা কেইটাৰ শীৰ্ষ হ'ল- 'বিশ্বকবি' আৰু "কাঞ্চনজংঘাৰ বুৰঞ্জী"। সকলোৰে সহযোগিতা বিদ্যালয় কৰ্তৃপক্ষই কামনা কৰিছে।