গুৱাহাটী বিমানকোঠত প্ৰিমিয়াম কেব সেৱাৰ উদ্বোধন...

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত, যাত্ৰীসকল গন্তব্যস্থানলৈ নিৰাপদে যোৱাৰ সুবিধাৰ্থে বুধবাৰে এটা বিশেষ প্ৰিমিয়াম কেব সেৱাৰ উদ্বোধন কৰা হয়

author-image
Asomiya Pratidin
New Update
গুৱাহাটী বিমানকোঠত প্ৰিমিয়াম কেব সেৱাৰ উদ্বোধন...

কেব সেৱাৰ উদ্বোধন

ডিজিটেল সংবাদ, পলাশবাৰীঃ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত, যাত্ৰীসকল গন্তব্যস্থানলৈ নিৰাপদে যোৱাৰ সুবিধাৰ্থে বুধবাৰে এটা বিশেষ প্ৰিমিয়াম কেব সেৱাৰ উদ্বোধন কৰা হয় ।

এই সেৱাৰ দ্বাৰা বিমানকোঠলৈ অহা অকলশৰীয়া মহিলা বা প্ৰথমবাৰৰ বাবে অহা যাত্ৰীসকল বিশেষভাৱে উপকৃত হব । বৰ্তমান এই সেৱাৰ বাবে বিমানকোঠত আগমন কক্ষৰ ভিতৰত আৰু বাহিৰত দুখনকৈ টিকেট কাউন্টাৰ উপলব্ধ ।

এই সেৱা সপ্তাহৰ ৭ দিনেই আৰু দৈনিক ২৪ ঘন্টাই উপলব্ধ থাকিব । উল্লেখযোগ্য যে, এই সেৱাৰ উদ্বোধন কৰে মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই।

Also Read: ইৰাণত অব্যাহত আছে মৰেল পুলিছিং, হিজাব নিপিন্ধাৰ বাবে গ্ৰেপ্তাৰ দুগৰাকী মহিলাক

#GUWAHATILOKPRIYAGOPINATHINTERNATIONALAIRPORT