পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ আত্মজীৱনী উন্মোচন...

আছাম ট্ৰিবিউন প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ আত্মজীৱনী উন্মোচন...

author-image
Asomiya Pratidin
New Update
পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ আত্মজীৱনী উন্মোচন...

ডিজিটেল ডেস্ক : আছাম ট্ৰিবিউন প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক তথা দি আছাম ট্ৰিবিউন আৰু দৈনিক অসম কাকতৰ সম্পাদক পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ আত্মজীৱনী “সোঁৱৰণীৰ বাটে বাটে“ নামৰ গ্ৰন্থখন শনিবাৰে গুৱাহাটীৰ টাউন ক্লাবত উন্মোচন কৰা হয় ৷

Advertisment

বিশিষ্ট সাহিত্যিক ডঃ ধ্ৰুৱজ্যোতি বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ডঃ ৰীতা চৌধুৰী আৰু দৈনিক অসমৰ প্ৰাক্তন সম্পাদক-বিশিষ্ট শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰীয়ে গ্ৰন্থখন উন্মোচন কৰি ভাষণ দিয়ে ৷ বিশিষ্ট সাংবাদিক ’অসমবাণী’ৰ সম্পাদক দিলীপ চন্দনে আঁত ধৰা অনুষ্ঠানত গ্ৰন্থখনৰ নব্বৈৰ ঊৰ্দ্ধৰ লেখক- প্ৰসিদ্ধ সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু তেওঁৰ পত্নী ৰেখা বৰুৱায়ো মনৰ কথা ব্যক্ত কৰে।

Book Launch