সন্দিকৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বাৰ্ষিক বক্তৃতা অনুষ্ঠান

সন্দিকৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বাৰ্ষিক বক্তৃতা অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
সন্দিকৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বাৰ্ষিক বক্তৃতা অনুষ্ঠান

ডিজিটেল সংবাদ, গুৱাহাটীঃ শনিবাৰে সন্দিকৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বাৰ্ষিক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই “সমাজ বিজ্ঞানৰ পৰিৱৰ্তিত ধৰণ“ বিষয়ত ভাষন প্ৰদান কৰে।

Advertisment

অসমীয়া ভাষাৰ লগতে বিভিন্ন সৰু সৰু ভাষাই সন্মুখীন হোৱা প্ৰত্যাহৱানৰ ওপৰতো তেওঁ আলোকপাত কৰে। ২০১৯ চনত বৰ্তমানৰ আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথে এই বছেৰেকীয়া বক্তৃতাৰ শুভাৰম্ভ কৰাৰ লগতে বিভাগীয় আলোচনী “এলেংখাছ”ৰো উদ্বোধন কৰে।

এই বাৰ্ষিক বক্তৃতা অনুষ্ঠান বিগত বৰ্ষসমূহত ক্ৰমে প্ৰফেচাৰ চন্দন শৰ্মা , ড০ নম্ৰতা গোস্বামী ( আলাবামা , আমেৰিকা), ড০ সংঘমিত্ৰা চৌধুৰী আদিয়ে বক্তৃতা প্ৰদান কৰিছে। শনিবাৰৰ বছেৰেকীয়া অনুষ্ঠানত বিভাগীয় আলোচনীৰ পঞ্চম খণ্ড মুকলি কৰা হয় লগতে বিশ্ববিদ্যালয় অনুষ্ঠিত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত আৰু যুৱ মহোৎসৱত অংশ লোৱা ৰাজনীতি বিভাগৰ কেউগৰাকী ছাত্ৰীকে সম্বৰ্ধনা জনোৱা হয়।

Also Read: কিশোৰীক ধৰ্ষণ এজন আত্মীয়ৰ, পলাতক অভিযুক্ত

handique college