দশম শ্ৰেণীৰ ছাত্ৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল

ফোনযোগে নীতিশ কুমাৰক অপহৰণ কৰাৰ কথা জনাই অপহৰণকাৰীয়ে ৭ লাখ টকা মুক্তিপণ দাবী কৰিছিল

author-image
Asomiya Pratidin
New Update
দশম শ্ৰেণীৰ ছাত্ৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল

ডিজিটেল ডেস্ক : বোন্দাৰ নৃশংস হত্যাকাণ্ড সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰে। হত্যাকাণ্ডৰে জড়িত থকাৰ মূল অভিযুক্ত তথা AG কাৰ্যালয়ৰ কেণ্টিনৰ কৰ্মচাৰী অভিষেক বৰুৱাক আৰক্ষীয়ে সোধা-পোছা কৰাৰ অন্তত আৰক্ষী আয়ুক্ত দিগন্ত বৰুৱাই সংবাদমেল সম্বোধন কৰে।

Advertisment

অভিযুক্ত অভিষেক বৰুৱাৰ নাৰেংগীৰ ভাড়াঘৰত নীতিশ কুমাৰৰ বেগ আৰু ইউনিফৰ্ম পোৱা বুলি আয়ুক্ত বৰাই সদৰি কৰে। আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে উল্লেখ কৰে যে, ধনৰ লেনদেনৰ বাবে এই হত্যাকাণ্ড সংঘটিত হৈছিল। চোকা অস্ত্রৰে ঘপিয়াই হত্যা কৰা হৈছিল নীতিশক।

ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত অস্ত্র, স্কুটী জব্দ কৰিছে আৰক্ষীয়ে। ইয়াৰোপৰি তেওঁ কয় যে, বুধবাৰে ফোনযোগে নীতিশ কুমাৰক অপহৰণ কৰাৰ কথা জনাই অপহৰণকাৰীয়ে ৭ লাখ টকা মুক্তিপণ দাবী কৰিছিল।

মূল অভিযুক্ত অভিষেক বৰুৱাৰে সৈতে নীতেশ কুমাৰৰ আছিল ঘনিষ্ঠ সম্পৰ্ক। ২০১৯ চনৰ পৰাই অনলাইন গেমৰ জৰিয়তে দুয়োৰে হৈছিল চিনাকী । ধৃত অভিষেকে নীতিশৰ পৰা ৩০ হাজাৰ টকা ধাৰলৈ লৈছিল আৰু সেই টকা এসপ্তাহৰ ভিতৰত দুগুণ কৰি ঘূৰাই দিয়াৰ কথা আছিল।

কেৱল ইমানেই নহয় ধৃত অভিষেকে বিভিন্ন বন্ধুৰ পৰা টকা ধাৰলৈ লৈ ব্যৱসায়ত বিনিয়োগ কৰিছিল আৰু বন্ধুসকলক ধাৰলৈ লোৱা টকা দুগুণ হাৰত ঘূৰাই দিয়াৰ প্রতিশ্রুতি দিছিল। তেওঁ পিতৃৰ একাউণ্টৰ পৰাও টকা হৰলুকি কৰিছিল।

১৬ লাখ টকা পিতৃৰ একাউণ্টৰ পৰা নিজৰ একাউণ্টলৈ ট্রেন্সফাৰ কৰাইছিল অভিযুক্ত অভিষেকে। কিন্তু প্ৰতিশ্ৰুতি ৰখাত ব্যৰ্থ হৈছিল অভিযুক্ত অভিষেক। ধাৰ লোৱা টকা দুগুণ দিয়া দূৰৰ কথা মূল টকাও তেওঁ ঘূৰাই দিব পৰা নাছিল। যাৰ বাবে এই ঘটনা সংঘটিত হয়।

Also Read: অপহৰণৰ পাছত মৃতদেহ উদ্ধাৰঃ কোনে, কিয় নৃশংসভাৱে হত্যা কৰিলে নৱম শ্ৰেণীৰ ছাত্ৰক...

Assam police crime