৭৮ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন...

৭৮ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন...

author-image
Asomiya Pratidin
New Update
৭৮ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন...

৭৮ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন...

ডিজিটেল সংবাদ,পলাশবাৰী: দক্ষিণ কামৰূপৰ ঐতিহ্যৰে গৰকা পলাশবাৰী ৰাস মহোৎসৱ বিগত বছৰবোৰৰ দৰে এইবেলিও ৭৮ সংখ্যক ৰাস মহোৎসৱৰ অহা ১৫ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ পোন্ধৰদিনীয়াকৈ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে পলাশবাৰী অঞ্চলবাসী ৰাইজে উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে।

Advertisment

এই উপলক্ষে লক্ষ্মী পূৰ্ণিমাৰ দিনটোত পলাশবাৰী ৰাস মহোৎসৱৰ লাইখুঁটা আনুষ্ঠানিকভাবে স্থাপন কৰা হয়। পলাশবাৰী ৰাস মহোৎসৱৰ নিৰ্ধাৰিত কাৰ্যসূচী আজিৰ পৰা শুভাৰম্ভণি কৰে উদযাপন সমিতিয়ে।

উল্লেখ্য যে প্ৰতি বছৰে শ্ৰীশ্ৰী মহালক্ষ্মী দেৱীৰ পূজাৰ দিনটোত মাংগলিক কাৰ্যসূচীৰে পৰম্পৰাগতভাৱে পলাশবাৰী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে লাইখুঁটা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। সেই অনুসৰি আজি পুৱা প্রায় ১১ বজাত পূজাৰীয়ে মাংগলিক কাৰ্যসূচীৰে পলাশবাৰী ৰাস মহোৎসৱৰ লাইখুঁটা আনুষ্ঠানিকভাৱে স্থাপন কৰে ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি মণিময় কৰ আৰু যুটীয়া সাধাৰণ সম্পাদক পংকজ দাস আৰু অৰূপ দাসে।

ৰাস মহোৎসৱ উদযাপন সমিতিৰ স্মৃতিগ্ৰন্থৰ যুটীয়া সম্পাদক নৱ বৰাই আঁতধৰা অনুষ্ঠানত ৰাস মহোৎসৱৰ জ্যেষ্ঠ সদস্য তথা বিষয়ববীয়া কমলেশ্বৰ দাস, বীণু দাস, নয়ন দাস, অমিয় কুমাৰ কলিতা, যোগেশ কুমাৰ, বলেন কলিতা, যতীন্দ্ৰ নাথ কলিতা, বৈকুণ্ঠ কুমাৰ, প্ৰবীন কুমাৰ, অতুল কুমাৰ, ৰোহিনী কুমাৰ, প্ৰফুল্ল কলিতা, সোণেশ্বৰ কুমাৰ, পলাশবাৰী পৌৰ সভাৰ পৌৰপতি ৰীণা দাস কলিতা, ড০ শেৱালী দাস আদিৰ লগতে বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে।

উল্লেখ্য যে এইবেলি পলাশবাৰী ৰাস মহোৎসৱৰ সুচাৰুৰূপে পালন কৰিবলৈ ইতিমধ্যে ৩৮ জনীয়া এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে।

Also Read: ১৯৭১ চনেই হ'ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ...

পলাশবাৰী ৰাস