গুৱাহাটীত প্ৰধানমন্ত্ৰী মোডীঃ নেতা, কৰ্মী, সাংস্কৃতিক দলৰ আদৰণি, অংশ ল'ব ৰাজ্যিক কেবিনেট বৈঠকত...

গুৱাহাটীত প্ৰধানমন্ত্ৰী মোডীঃ নেতা, কৰ্মী, সাংস্কৃতিক দলৰ আদৰণি, অংশ ল'ব ৰাজ্যিক কেবিনেট বৈঠকত...

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত প্ৰধানমন্ত্ৰী মোডীঃ নেতা, কৰ্মী, সাংস্কৃতিক দলৰ আদৰণি, অংশ ল'ব ৰাজ্যিক কেবিনেট বৈঠকত...

গুৱাহাটীত প্ৰধানমন্ত্ৰী মোডীঃ নেতা, কৰ্মী, সাংস্কৃতিক দলৰ আদৰণি, অংশ ল'ব ৰাজ্যিক কেবিনেট বৈঠকত...

ডিজিটেল ডেস্কঃ গুৱাহাটীত আহি উপস্থিত হ'লহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বৰঝাৰ বিমান বন্দৰত প্ৰধানমন্ত্ৰী মোডীক উষ্ম আদৰণি জনোৱা হৈছে। বিভিন্ন সাংস্কৃতিক দল আৰু গায়ন বায়নে মোডীক আদৰণি জনোৱাৰ লগতে বিজেপিৰ নেতা, কৰ্মীয়ে বিমান বন্দৰৰ বাহিৰত ভিৰ কৰিছে।

Advertisment

উল্লেখ্য যে, নাগালেণ্ডত এন ডি পি পি, বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ আজি শপতগ্ৰহণ আছিল। এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা।

এই শপতগ্ৰহণ অনুষ্ঠানৰ পৰা আহি মোডী উপস্থিত হৈছেহি গুৱাহাটীত। আজি প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেটৰ বৈঠক।

সন্ধিয়া ৬ঃ৪৫ বজাৰ পৰা কইনাধৰাত অনুষ্ঠিত হ'ব এই কেবিনেট বৈঠক। উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ আন ২ খন ৰাজ্য ত্ৰিপুৰা আৰু মেঘালয়ৰ শপতগ্ৰহণ অনুষ্ঠানটো উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জেপি নড্ডা।

Also Read: জনগোষ্ঠীয় সমস্যাক তুলি ধৰা মানুহজন গ'লগৈ

নৰেন্দ্ৰ মোডী কেবিনেট