কামৰূপ জিলাৰ ১,১০,৫৭৭ গৰাকী হিতাধিকাৰীলৈ PM- KISAN আঁচনিৰ ১৯ নং কিস্তি হস্তান্তৰ...

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে 'প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি'(PM- KISAN) আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰী কৃষকসকললৈ ১৯ নং কিস্তিৰ অনুদান হস্তান্তৰ কৰে ।

author-image
Asomiya Pratidin
New Update
কামৰূপ জিলাৰ ১,১০,৫৭৭ গৰাকী হিতাধিকাৰীলৈ PM- KISAN  আঁচনিৰ ১৯ নং কিস্তি হস্তান্তৰ...

ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে 'প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি' (PM- KISAN) আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰী কৃষকসকললৈ ১৯ নং কিস্তিৰ অনুদান হস্তান্তৰ কৰে । বিহাৰৰ ভগালপুৰৰ পৰা "Live Webcast" (লাইভ ৱেবকাষ্ট) প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ১১ কোটি হিতাধীকাৰী কৃষকৰ একাউণ্টলৈ ২২.৫ হাজাৰ কোটিৰো অধিক টকা ডি বি টি মাধ্যমৰ জৰিয়তে হস্তান্তৰ কৰে। 

Advertisment

কামৰূপ জিলাৰ ১,১০,৫৭৭ গৰাকী হিতাধিকাৰীলৈ PM- KISAN  আঁচনিৰ ১৯ নং কিস্তি হস্তান্তৰ...

সেই উপলক্ষে কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত কামৰূপ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত কেন্দ্রীয় ভাৱে এখন সভা তথা অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ  আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে মাননীয় বিজেপিৰ ৰাজ্যিক সভাপতি তথা মংগলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু গুৱাহাটী সমষ্টিৰ সন্মানীয় সাংসদ বিজুলী কলিতা মেধি, জিলা আয়ুক্ত দেৱ প্ৰসাদ মিশ্ৰ, জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত, জিলা কৃষি বিষয়া স্বপ্নালী বৰুৱা, মহকুমা কৃষি বিষয়া তথা পি এম কিষাণৰ নডেল বিষয়া জ্যোতিপ্ৰসাদ দাস, মহকুমা কৃষি বিষয়াদ্বয় ক্ৰমে গিৰিণ শৰ্মা আৰু মানস প্ৰতিম মহন্ত, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ৰমনী শৰ্মা, কৃষি উন্নয়ন বিষয়াদ্বয় কংকণা মেধি আৰু প্ৰিয়ম্বী শইকীয়া, অন্যান্য বিষয়া কৰ্মচাৰীৰ লগতে শতাধিক কৃষক ৰাইজ উপস্থিত থাকে।

কামৰূপ জিলাৰ ১,১০,৫৭৭ গৰাকী হিতাধিকাৰীলৈ PM- KISAN  আঁচনিৰ ১৯ নং কিস্তি হস্তান্তৰ...

সাংসদ দুয়োগৰাকীয়ে তেওঁলোকৰ ভাষণত ২০১৪ চনৰ পৰা এতিয়ালৈকে মোদী চৰকাৰে কৃষকৰ বাবে আগবঢ়োৱা সা-সুবিধাসমূহ দাঙি ধৰে। ইয়াৰ উপৰিও কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ, জিলাখনৰ ১৩ টা উন্নয়ন খণ্ডত কৃষি উন্নয়ন বিষয়াসকলৰ সহযোগত তথা প্ৰতিটো সামূহিক সেৱা কেন্দ্ৰত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ১৯ নং কিস্তি মুকলি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়।

উল্লেখ্য যে কামৰূপ জিলাৰ সৰ্বমূঠ ১,১০,৫৭৭ গৰাকী যোগ্য হিতাধীকাৰীয়ে "প্ৰধানমন্ত্ৰী কৃষক  সম্মান নিধি"ৰ ১৯ নং কিস্তি লাভ কৰা যোগ্য হিতাধীকাৰীৰ একাউণ্টলৈ এই Live webcast অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই DBT মাধ্যমৰ দ্বাৰা কিস্তিৰ ধন হস্তান্তৰ কৰে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ এখনি প্ৰদৰ্শনীৰো আয়োজন কৰা হয়।

কামৰূপ জিলাৰ ১,১০,৫৭৭ গৰাকী হিতাধিকাৰীলৈ PM- KISAN  আঁচনিৰ ১৯ নং কিস্তি হস্তান্তৰ...

তদুপৰি দুই সাংসদ দ্বয়ৰ উপস্থিতিত জিলাখনৰ ১০ গৰাকী কৃষকক স্প্ৰেয়াৰ আৰু ২ গৰাকীক প্ৰধানমন্ত্ৰী কৃষি সিঞ্চঁয়ি যোজনাৰ সজুঁলি বিতৰণ কৰা হয়।

নৰেন্দ্ৰ মোডী দিলীপ শইকীয়া বিজুলী কলিতা মেধী