খাৰঘুলিত জলবিস্ফোৰণ : মন্ত্ৰী যোগেন মোহনৰ সাহাৰ্য ঘোষণা

নিহতসকলৰ আত্মীয়লৈ তৎকালীনভাৱে আগবঢ়োৱা হ'ব ২ লাখ টকাৰ আৰ্থিক সাহাৰ্য

author-image
Asomiya Pratidin
New Update
খাৰঘুলিত জলবিস্ফোৰণ : মন্ত্ৰী যোগেন মোহনৰ সাহাৰ্য ঘোষণা

ডিজিটেল ডেস্কঃ খাৰঘুলিৰ জলবিস্ফোৰণস্থলীত উপস্থিত দুৰ্যোগ প্রশমন বিভাগৰ মন্ত্রী যোগেন মোহন। শুকুৰবাৰে ভুক্তভোগীসকলৰ কাষত থিয় হয় মন্ত্ৰীগৰাকী।

Advertisment

ঘটনাস্থলীত উপস্থিত হৈয়েই তেওঁ ঘোষণা কৰে কেতবোৰ সাহাৰ্য। জলবিস্ফোৰণৰ ফলত নিহতসকলৰ আত্মীয়লৈ তৎকালীনভাৱে আগবঢ়োৱা হ'ব ২ লাখ টকাৰ আৰ্থিক সাহাৰ্য। আহতসকললৈ আগবঢ়োৱা হ'ব ১০ হাজাৰ টকা।

আনহাতে মন্ত্ৰীগৰাকীয়ে ঘোষণ কৰে যে,জলবিস্ফোৰণৰ ফলত ক্ষতিগ্রস্ত লোকসকলক সকলো ধৰণৰ সহায় কৰা হ’ব। লগতে ক্ষতিগ্ৰস্থ লোকসকলৰ বাবে খোৱা-বোৱাৰ সকলো ব্যৱস্থা বিনামূলীয়াকৈ প্রদান কৰা হ'ব।

উল্লেখ্য যে, বৃহস্পতিবাৰে খাৰঘুলিত পানীৰ পাইপ ফাটিছিল। যাৰ ফলত ২জনকৈ লোক নিহত হোৱাৰ লগতে ৩০ জন লোক আহত হৈছিল। আনহাতে ৪০ টাকৈ ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল।

Also Read: Pipe Line Burst: খাৰঘূলিত পানীৰ পাইপ বিস্ফোৰণঃ ৪০ টা ঘৰ ধ্বংস, ৩০ জন আহত....

Pipe Line Burst