Pipe Line Burst: খাৰঘূলিত পানীৰ পাইপ বিস্ফোৰণঃ ৪০ টা ঘৰ ধ্বংস, ৩০ জন আহত....

Pipe Line Burst: খাৰঘূলিত পানীৰ পাইপ বিস্ফোৰণঃ ৪০ টা ঘৰ ধ্বংস, ৩০ জন আহত....
Pipe Line Burst: খাৰঘূলিত পানীৰ পাইপ বিস্ফোৰণঃ ৪০ টা ঘৰ ধ্বংস, ৩০ জন আহত....

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ খাৰুঘূলিত সংঘটিত হৈছে অভাৱনীয় পৰিস্থিতি। পানীৰ পাইপ বিস্ফোৰণ হোৱাৰ ফলত এই পাইপৰ পানী উপৰলৈ উঠি আহে।

পানীৰ প্ৰচণ্ড কোবত এফালৰ পৰা ভাঙি নিয়ে কেইবাটাও ঘৰ। জানিব পৰা মতে এই পৰ্যন্ত ৪০ টাকৈ ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। এই মুহূৰ্তলৈকে লাভ কৰা খবৰ অনুসৰি এই পৰ্যন্ত ৩০ জন লোক আহত হৈছে। আনহাতে নিহত হৈছে ২ জন লোক।

এই বিস্ফোৰণ হৈছে গেমন জাইকাৰ মেইন লাইৰ পাইপত। ইফালে ৰাজপথেৰে গৈ থকা কেইবাখনো বাহনৰো ক্ষতি হৈছে। পাইপৰ পানী বিস্ফোৰিত হৈ উপৰলৈ উঠি অহাৰ ফলত ৰাজপথেৰে গৈ থকা বাহন দূৰত চিটিকি পৰিছেগৈ।

ফলত কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হৈছে। স্থানীয় লোকে আহতসকলক উদ্ধাৰৰ চেষ্টা কৰিছে। ইফালে এই ঘটনাৰ পাছতে বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in