চৰকাৰৰ ঋণ সন্দৰ্ভত বিধানসভা চৌহদতে বিধায়ক অখিলক আগ ভেটি প্ৰত্যুত্তৰ দিলে মন্ত্ৰী পীয়ুষে

ঋণ লোৱাৰ শীৰ্ষ আছে কেৰেলা, পঞ্জাৱ, পশ্চিম বংগৰ দৰে ৰাজ্য। ঋণ লোৱাৰ তালিকাত অসম বহুত পিছুৱাই আছে

author-image
Asomiya Pratidin
New Update
চৰকাৰৰ ঋণ সন্দৰ্ভত বিধানসভা চৌহদতে 
বিধায়ক অখিলক আগ ভেটি প্ৰত্যুত্তৰ দিলে মন্ত্ৰী পীয়ুষে

ডিজিটেল ডেস্কঃ বিধায়ক অখিল গগৈক প্ৰত্যুত্তৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। বিধানসভাৰ চৌহদতে মন্ত্ৰী হাজৰীকাই শিবসাগৰৰ বিধায়কগৰাকীক উদ্দেশ্যি কয় "দেশত ঋণ লোৱা শীৰ্ষ ১০ খন ৰাজ্যৰ ভিতৰত অসমৰ নাম নাই। ঋণ লোৱাৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে মনা ৰাজ্যবোৰহে। দেশত ঋণ লোৱাৰ শীৰ্ষত আছে কেৰেলা ৰাজ্য।"

Advertisment

মঙলবাৰে বিধানসভাৰ চৌহদত অসমে ঋণ লোৱা প্ৰসংগত সোচ্ছাৰ হোৱা বিধায়ক অখিল গগৈক এনেদৰে প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী পীয়ুষ হাজৰীকাই। বিধায়ক অখিল গগৈক উভতি ধৰি মন্ত্ৰী হাজৰীকাই কয় যে, দেশত ঋণ লোৱাৰ শীৰ্ষ আছে কেৰেলা, পঞ্জাৱ, পশ্চিম বংগৰ দৰে ৰাজ্য। ঋণ লোৱাৰ তালিকাত অসম বহুত পিছুৱাই আছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

লগতে তেওঁ সাংবাদিকৰ আগত কয় যে, ৰাজ্য চৰকাৰে এফ আৰ বি এম এক্ট আৰু আৰ বি আই গাইডলাইন মতে হে ঋণ লৈ আছে। নিয়ম মতে অসম চৰকাৰে যিমান ঋণ ল'ব পাৰে প্ৰত্যেক বছৰে আজিলৈকে সিমান পৰিমাণৰ ঋণ লোৱাই নাই। এনেবোৰ নিয়মৰ কথা বিধায়ক অখিল গগৈয়ে জানিও নজনাৰ ভাও ধৰে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

এফালে চৰকাৰে ঋণ লোৱা কাৰ্যৰ প্ৰতিবাদ, আনফালে ঋণৰ টকাৰে অখিল গগৈয়ে নিজা সমষ্টিত উন্নয়নমূলক কাম হোৱাটোও বিচাৰে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। আন বিধায়কসকলতকৈ বেছি টকাহে বিচাৰে বিধায়ক অখিল গগৈয়ে। ঋণৰ টকাৰে সমষ্টিৰ কাম কৰিবলৈ কোৱা অখিল গগৈয়ে ঋণ নল'বলৈ কোৱা কথাৰ ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী হাজৰীকাই।

Also Read: নগাঁও কলেজ (অট’মাচ)ত ২০২৩-২৪ শিক্ষা বৰ্ষৰ পৰা চাৰি-বছৰীয়া স্নাতক পাঠ্যক্ৰম

pijush hazarika akhil gogoi