/asomiyapratidin/media/media_files/2025/03/28/2Rol1n9GGvjzhJ2cmQdF.jpg)
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দিছপুৰৰ জনতা ভৱনৰ এটা সভাকক্ষত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বহুকেইগৰাকী হিতাধিকাৰীলৈ আয় সৃষ্টিকাৰী আৰু দক্ষতা বিকাশ আঁচনিৰ অধীনত চিলাই মেচিন, গ্ৰাফিকচ ডিজাইন ইউনিট আৰু পিক আপ বাহন বিতৰণ কৰে |
/asomiyapratidin/media/media_files/2025/03/28/whatsapp-image-28-a-pm-334953.jpeg)
উল্লেখ্য যে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ অধীনত আজি ৰাজ্যখনৰ অনুসূচিত জাতিৰ ১০০০ গৰাকী মহিলালৈ চিলাই মেচিন, ১৬৮ গৰাকী যুৱক-যুৱতীলৈ গ্ৰাফিক্চ ডিজাইন ইউনিট আৰু ৩২ গৰাকী চাফাই কৰ্মীলৈ পিক আপ বাহন বিতৰণ কৰা হয় | এই উপলক্ষে আয়োজিত অনুষ্ঠানটোত নিজৰ বক্তব্য ৰাখি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ প্ৰটিটো সম্প্ৰদায়ৰ উন্নয়ন সাধনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টাত ব্ৰতী হৈ আছে |
মন্ত্ৰীগৰাকীয়ে কয়, “মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটাই সপোন যে যিসকল নিষ্পেষিত, যিসকল শোষিত তেওঁলোকে যাতে আগুৱাই গৈ মূৰ ডাঙি জীৱন নিৰ্বাহ কৰিব পাৰে আৰু সমাজ গঠনত সক্ৰিয় ভূমিকা ল’ব পাৰে | আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে এই সামগ্ৰীসমূহ বিতৰণৰ শুভাৰম্ভ কৰে |
/asomiyapratidin/media/media_files/2025/03/28/whatsapp-image-2-751744.jpeg)
আনহাতে বিগত বৰ্ষত ৬৮ গৰাকী ব্যক্তিলৈ গ্ৰাফিকচ ডিজাইন ইউনিট প্ৰদান কৰাৰ পাছত বহুকেইজন ব্যক্তিয়ে সফলতাৰে নিজৰ ব্যৱসায় আৰম্ভ কৰা বুলি জানিব পাৰি এইবাৰ গ্ৰাফিক্চ ডিজাইন ইউনিটৰ সংখ্যা ১৬৮ লৈ বৃদ্ধি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে |
অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰীকাই আৰু কয় যে, আত্মনির্ভৰ অসমৰ প্ৰতি যুৱপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্যৰে অনুসূচিত জাতিৰ মহিলা, চাফাই কৰ্মচাৰী, মেনুৱেল স্কেভেঞ্জাৰ আদিৰ বাবে আয় সৃষ্টিকাৰী আঁচনিৰ অধীনত গ্ৰাফিক ডিজাইন ইউনিট, চিলাই মেচিন, পিক-আপ বাহন আজি বিতৰণ কৰা হয় | এই আঁচনিত অন্তৰ্ভুক্ত হোৱা ব্যক্তিসকলে আগন্তুক দিনত এই সাহায্যৰ সহায়ত স্বনিয়োজনৰ যোগেদি আৰ্থিকভাৱে স্বচ্ছল জীৱন-যাপন কৰিবলৈ সক্ষম হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে |
/asomiyapratidin/media/media_files/2025/03/28/whatsapp-image-2025-03-28-at-307594.jpeg)
আনহাতে এই আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলক বাঁচনি কৰাৰ ক্ষেত্ৰত ক'তো অলপমানো দুৰ্নীতি হোৱা নাই বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে সকলো হিতাধিকাৰীকে সমজুৱাকৈ কিবা দুৰ্নীতিৰ সন্মুখীন হৈছে নেকি বুলি প্ৰশ্ন কৰে | সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে উপস্থিত সকলো হিতাধিকাৰীকে আজি লাভ কৰা সামগ্ৰীসমূহ নিজে ব্যৱহাৰ কৰি স্ব-নিয়োজনৰ বাট মোকলাবলৈ অনুৰোধ জনায় |
তেওঁলোকে যাতে সামগ্ৰীসমূহ এনেই ৰাখি নথয় অথবা আনক বিক্ৰী কৰি নিদিয়ে তাৰ বাবেও মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায় | মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ উদ্যোগত সমাজৰ পিছপৰা শ্ৰেণীৰ ব্যক্তিসকলৰ বাবে হাতত লোৱা বিভিন্ন কল্যাণমূলক কামৰো আজি আভাস দিয়ে |
/asomiyapratidin/media/media_files/2025/03/28/whatsapp-image-3-28-pm-488565.jpeg)
অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়, অসমৰ সঞ্চালিকা ড° কুলশ্ৰী নাথে আদৰণি ভাষণ প্ৰদান কৰা আজিৰ অনুষ্ঠানত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সচিব পল্লৱ গোপাল ঝাও উপস্থিত থাকে |
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us