/asomiyapratidin/media/media_files/2025/04/23/SeKJkudSxwQ5Zmj3TpZm.jpg)
ডিজিটেল ডেস্কঃ জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰী আৰু নাই। বেহাৰবাৰী আউটপোষ্ট নামৰ বহুল প্ৰচলিত ধাৰাবাহিকখনত এটা জনপ্ৰিয় চৰিত্ৰত অভিনয় কৰিছিল ফাইলাও বসুমতাৰীয়ে।
বসু দা হিচাপেই জনপ্ৰিয় ফাইলাও বসুমতাৰী যোৱা কিছুদিন ধৰি যকৃত জনিত ৰোগত আক্ৰান্ত হৈ আছিল। আজি কিছু সময়ৰ পূৰ্বে তেওঁ গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস কৰে।
উল্লেখ্য যে, ফাইলাও বসুমতাৰী বড়ো সংগীত জগততো আছিল তেওঁ যথেষ্ট জনপ্ৰিয়। ফাইলাও বসুমতাৰীৰ বিয়োগত বেহাৰবাৰী আউট পোষ্টৰ কলা, কুশলীসকলে সামাজিক মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।
ধাৰাবাহিকখনৰ অন্যতম স্ক্ৰীপ্ট ৰাইটাৰ পল্লৱ পৱন বৰাই সামাজিক মাধ্যমত ফাইলাও বসুমতাৰৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰিছে। তেওঁ ফাইলাও বসুমতাৰীৰ এখন ফটো আপলোড কৰি লিখিছে-
''বসু দা...
আমাৰ ফাইলাৱ' বসুমতাৰী ...
বেহাৰবাৰী outpost ৰ এগৰাকী অভিন্ন সদস্য..
আপোনাৰ অভাব..আপোনাৰ অনুপস্থিতি কোনো দিন..কোনো কালেই পূৰণ নহৱ বসু দা...
ক'ৱলৈ একো শব্দ ই নাই....
অসম খনৰ বাবে আপোনাৰ সাংস্কৃতিক অৰিহণা
আমি সদায়েই স্মৰণ কৰিম ।।
" বেহাৰবাৰী আউটপোষ্ট" ৰ তৰফৰ পৰা আপোনালৈ যাঁচিলো সশ্ৰদ্ধ প্ৰণাম
"বসু দা" ৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো।।''
আনহাতে বিধায়ক অখিল গগৈয়েও ফাইলাও বসুমতাৰীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ সামাজিক মাধ্যমত লিখিছে, ''জনপ্ৰিয় হাস্যমধুৰ অসমীয়া ধাৰাবাহিক 'বেহাৰবাৰী আউটপোষ্ট'ৰ 'বসু দা' খ্যাত অভিনেতা ফাইলাৱ' বসুমতাৰীৰ আকস্মিক বিয়োগৰ খবৰে মৰ্মাহত কৰিছে। ব্যংগ চৰিত্ৰত অভিনয় কৰি সকলোকে হাঁহিৰ খোৰাক যোগাই যোৱা অভিনেতা গৰাকীৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক-সন্তপ্ত পৰিয়াল বৰ্গৰ ওচৰত জনাইছোঁ গভীৰ সমবেদনা।''