/asomiyapratidin/media/media_files/2025/04/11/0D51CwW3YxobbxtJ9t5v.jpg)
ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশৰ পাছতেই আজি কামৰূপ (মহানগৰ) জিলাৰ ৫ খন বিদ্যালয়ললৈ কাৰণ দৰ্শোৱাকৰ জাননী জাৰি কৰিলে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে। আজি ঘোষিত ফলাফল অনুসৰি এই ৫ খন বিদ্যালয়ৰ উত্তীৰ্ণ হাৰ ২৫ শতাংশতকৈ কম।
উল্লেখ্য যে, কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰা এই বিদ্যালয় কেইখন হৈছে ক্ৰমে বৰসজাই হাই স্কুল, মালিগাওঁ হাইস্কুল, এন পি এম ই হাইস্কুল, পিলিংকাটা হাইস্কুল আৰু দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিদ্যালয় কেইখনৰ প্ৰধানলৈ প্ৰেৰণ কৰা কাৰণ দৰ্শোৱাৰ জাননীত উল্লেখ কৰা অনুসৰি বিদ্যালয় কেইখনে আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব পৰা নাই।
এই ফলাফলে শিক্ষাৰ্থীসকলক নিৰুৎসাহ কৰিছে। বিদ্যালয়কেইখনৰ ফলাফলে বিদ্যালয় প্ৰশাসন আৰু তত্বাৱধানত বিসংগতি থকা বুলি উল্লেখ কৰি বিদ্যালয় কেইখনৰ প্ৰধানৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ব সেই সন্দৰ্ভত উত্তৰ দিবলৈ কোৱা হৈছে। এই জাননী লাভ কৰাৰ ৫ দিনৰ ভিতৰত বিদ্যালয় কেইখনৰ মুৰব্বীয়ে উত্তৰ দিব লাগিব।