/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d9aa46b0-c815-419a-aa5e-7f28b25c5b8b/parag_kr_das.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাৱত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ উদ্যোগত বুধবাৰে জাতীয় বীৰ ছহিদ,নিৰ্ভীক সাংবাদিক তথা মাছৰ প্ৰতিষ্ঠাপক সচিব প্ৰধান পৰাগ কুমাৰ দাসৰ মৃত্য়ু তিথিটো ছহিদ দিৱস হিচাপে উদযাপন কৰা হয়। পৰাগ কুমাৰ দাসৰ লগতে মাছৰ সকলো ছহিদলৈ আজিৰ এই দিনটোত গভীৰ শ্ৰদ্ধা নিবেদন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/0cd7557e-dcba-4937-876b-504c29b7e004/01a4bac6_c64d_4a6a_80f6_7e8647e235a1.jpg)
এই উপলক্ষে আয়োজন কৰা ছহিদ দিৱস আৰু পৰাগ স্মৰণ সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈয়ে। সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ,বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁই।
ড০ গোহাঁয়ে মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি সাম্প্ৰতিক নৈৰাজ্যৰ পৰিৱেশৰ অন্ত পেলাবলৈ এক শক্তিশালী গণতান্ত্ৰিক সংগ্ৰাম গঢ়ি তুলিবলৈ বিভিন্ন পক্ষলৈ আহ্বান জনায়। তেওঁ জাতীয় অৰ্থনীতিৰ ভেটি শক্তিশালী কৰি তুলিবলৈ প্ৰয়াত পৰাগ কুমাৰ দাসে চিন্তা কৰা এক জাতীয় অৰ্থনৈতিক পুজি গঢ়ি তোলা বিষয়টো পুনৰ চিন্তা কৰা উচিত বুলি দোহাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/7aa67e39-0c25-4d22-b5b0-4045045362d9/1da8dab5_3c6b_43c9_85fc_450f5d522a23.jpg)
সভাত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া,উপ-সভাপতি প্ৰদীপ গগৈ,উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা সত্যেন্দ্ৰ প্ৰসাদ ডেকা,পৰাগ কুমাৰ দাসৰ ভাতৃ পল্লৱ কুমাৰ দাস,গণ অধিকাৰ কাকতৰ সম্পাদক চাহজাহান তালুকদাৰে নিজৰ নিজৰ বক্তব্য ৰাখে। সভাখন সঞ্চালনা কৰে অধ্যক্ষ আদিত্য লহকৰ আৰু মুখ্য উপদেষ্টা বুবুমণি গোস্বামীয়ে।
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকাই। আনহাতে সভাৰ প্ৰাক মূহুৰ্তত পুৱা ৮ বজাত 'মাছৰ' কেন্দ্ৰীয় কাৰ্যালয়ত পতাকা উত্তোলন কৰে অধ্যক্ষ আদিত্য লহকৰে। বন্তি প্ৰজ্বলন কৰে প্ৰয়াত বীৰ ছহিদ পৰাগ কুমাৰ দাসৰ ভাতৃ ডা০ জ্যোতি কুমাৰ দাসে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/4cb15fe0-f429-4f33-8db9-9fa203ab463e/5ae722f2_e97c_4e55_a9bc_07712e2e50fe.jpg)
ছহিদ বেদীত পুস্পাঞ্জলী অৰ্পণ কৰে সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকা,আদিত্য লহকৰ,বিতুল বৰুৱা,বোধেন বৰা আৰু বৈকুণ্ঠ হাজৰিকাই। আনহাতে পুৱা ৯-০০ বজাত ৰাজগড়স্থিত ছহিদগৰাকীৰ বেদীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে পৰাগ কুমাৰ দাসৰ সহধৰ্মীনি পূৰবী দাসে।
উক্ত অনুষ্ঠানত মাছৰ প্ৰাক্তন অধ্যক্ষ তথা জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, নেকিবুৰ জামান,অনুপ চেতিয়া,লাচিত বৰদলৈ,মনোৰম গগৈ আদি বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।
Also Read: দুই লম্পটৰ কামনাৰ বলি নাবালিকাঃ স্থানীয় ৰাইজৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী