ধনৰ বাবেই কণমানি পাপিয়াক মৃত্যুৰ মুখলৈ ঠেলি দিলে অনা অসমীয়াই...

প্ৰশাসনৰ সকলো নীতি-নিয়মক ভেঙুচালি কৰি অসুৰক্ষিতভাৱে গল্ডেন হাইটছ নামৰ এপার্টমেন্টটোত পানীৰ পাইপৰ মেৰামতিৰ কাম কৰাৰ বাবেই ইটা পৰি মৃত্যু হৈছিল পাপিয়াৰ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ধনৰ বাবেই কণমানি পাপিয়াক মৃত্যুৰ মুখলৈ ঠেলি দিলে অনা অসমীয়াই...

ডিজিটেল ডেস্কঃ কিমান নিষ্ঠুৰ হ’লে কেইটামান টকাৰ বাবেই মৃত্যুৰ মুখুলৈ ঠেলি দিব পাৰি এগৰাকী ৮ বছৰীয়া শিশুক? ধনৱান একাংশ বহিৰাগতৰ চৰম অমানৱীয়তাৰ বাবেই হাস্পাতলৰ দুৱাৰ দলিত উপস্থিত হৈয়ো চিকিৎসা নোপোৱাকৈয়ে ৮ বছৰীয়া এটি কণমানি শিশুৱে মৃত্যুক আকোৱালি ল’বলগীয়া হোৱা ঘটনাই মানৱতাৰ চূড়ান্ত স্খলনৰ দিশটোকে পুনৰ এবাৰ উন্মোচিত কৰিলে।

Advertisment

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যিসকলৰ দায়িত্বহীনতা আৰু মানৱতাহীন আচৰণৰ বাবে কণমানিটিয়ে মৃত্যুক সাৱটিলে সেই সকলেই আইনৰ সুৰুঙাৰে ৰক্ষা কৰাৰ বাবে উঠিপৰি লাগিছে এক শক্তিশালী চক্ৰ। গুৱাহাটীৰ ছাত্ৰীবাৰীৰ গল্ডেন হাইটছ এপাৰ্টমেণ্টত একাংশৰ দায়িত্বহীনতাৰ বাবেই ইটাৰ টুকুৰাৰ আঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল পাপিয়া বৰ্মনৰ ৮ বছৰীয়া কণমানি শিশুটি।

উল্লেখ্য যে প্ৰশাসনৰ সকলো নীতি-নিয়মক ভেঙুচালি কৰি অসুৰক্ষিতভাৱে মূলতঃ মাৰোৱাড়ী সম্প্ৰদায়ৰ আৱাসস্থলী গল্ডেন হাইটছ নামৰ এপার্টমেন্টটোত পানীৰ পাইপৰ মেৰামতিৰ কাম চলিছিল। এপার্টমেন্টটোৰ ষষ্ঠ মহলাত চলি থকা কামৰ মাজতে ২৪ মাৰ্চৰ বিয়লি সৰি পৰে কেইবাটাও ইটা।

ইয়াৰে দুটা ইটা এপার্টমেন্ট চৌহদৰ বাহিৰত থকা ৰিংকী বড়োৰ ভাড়াঘৰৰ ওপৰত পৰে। তেতিয়া বিয়লি ৪ বাজিছিল। সেই সময়ত ভাড়াঘৰটোত জ্যেষ্ঠ ভগ্নীৰ সৈতে শোৱাপাটীত আছিল কণমানি পাপিয়া।

তেনে সময়তে টিন ফাটি সোমাই অহা এটা ইটা পাপিয়াৰ মূৰত পৰে। লগে লগে চিৎকাৰ কৰি  পাপিয়া বিছনাৰ পৰা তলত বাগৰি পৰে। ভগ্নীৰ কাণ-নাক-মুখেৰে ৰক্তক্ষৰণ হোৱা দেখি জ্যেষ্ঠ ভগ্নীয়ে তেওঁৰ মাতৃৰ লগতে সমীপৰ বাসিন্দাসকলক চিঞৰি চিঞৰি মাতে।

লগে লগে মাতৃসহ উপস্থিত হোৱা কেইবাজনো লোকে কণমানিটোক লৈ গৈছিল গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতাললৈ। একেই সময়তে হাস্পতালখনত উপস্থিত হৈছিল উক্ত এপার্টমেন্টটোৰ কেইবাজনো আবাসী।

অভিযোগ অনুসৰি উক্ত ব্যক্তিগত হাস্পতালখনত পাপিয়াৰ অস্ত্ৰোপচাৰৰ বাবে ১০ লাখ টকাৰ প্ৰয়োজন হৈছিল। কিন্তু দিন হাজিৰা কৰা পৰিয়ালটোৱে ইমান বৃহৎ ধন যোগাক কৰাটো কোনো কাৰণতে সম্ভৱ নাছিল।

ইফালে সেই সময়তে হাস্পতালখনত উপস্থিত হোৱা এপাৰ্টমেণ্টৰ আৱাসী কেইজনে অস্ত্ৰোপচাৰৰ বাবে ১০ লাখ টকাৰ প্ৰয়োজন হোৱাৰ কথা জানিব পাৰি অতি কৌশলেৰে পাপিয়াক অতি সংকটজনক অৱস্থাতে সেই হাস্পতালৰ পৰা জি এম চি এইছলৈ লৈ আহে।

কিন্তু সেই সময়ত জি এম চি এইছটো আই চি ইউ খালী নথকাত পাপিয়াক পুনৰ তাৰ পৰা ব্যক্তিগত হাস্পতাললৈ লৈ যাবলগীয়া হয়। এইদৰে হাস্পতালে হাস্পতালে চিকিৎসা অবিহনেই ঘূৰি ফুৰি বাটতে পাপিয়াই মৃত্যুক সাৱটিবলগীয়া হয়। 

হাস্পতালত উপস্থিত হোৱাৰ পাছতো কেৱল মাত্ৰ ধন খৰচ হোৱাৰ বাবেই উপযুক্ত চিকিৎসাৰ পৰা পাপিয়াক বঞ্চিত কৰি এপাৰ্টমেণ্টটোৰ আৱাসী কেইজনে এইদৰে কৰুণ মৃত্যুৰ দিশে ঠেলি দিয়ে।

ছাত্রীবাৰীস্থিত চৰকাৰী আৰবান উচ্চ বুনিয়াদী বিদ্যালয়ৰ তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীৰ মৃত্যুৰ বাবে যে এই আৱাসী কেইজনেই একমাত্ৰ জগৰীয়া সেয়া স্পষ্ট হৈছে। পাপিয়াৰ মৃত্যুৰ পাছত সেয়ে উক্ত অঞ্চলৰ ৰাইজে মঙলবাৰে উক্ত এপাৰ্টমেণ্টৰ সন্মুখতে পাপিয়াৰ মৃতদেহ কঢ়িয়াই অনা এম্বুলেঞ্চ ৰাখি প্ৰতিবাদ কৰে। দাবী কৰে দোষীৰ কঠোৰ শাস্তি।

ইফালে এই ঘটনা সন্দৰ্ভত পল্টনবজাৰ আৰক্ষীয়ে মঙলবাৰেই উক্ত এপাৰ্টমেণ্টৰ ছ’চাইটিৰ সভাপতি, সম্পাদক ক্ৰমে সবিন ছুৰানা, ৰমেশ পৃথানী ছুপাৰভাইজৰ ৰাম অধিকাৰী, কৰ্মচাৰী চফিক আলী, দেবাশিস বেহৰা আৰু সুনীল কৰ্মকাৰক গ্ৰেপ্তাৰ কৰিছে।

এটা ঘন জনবসতিপূৰ্ণ এলেকাত নিৰ্মাণ বা মেৰামতিৰ বাবে পালন কৰিব লাগে বিভিন্ন নীতি, নিয়ম। কিন্তু গল্ডেন হাইটছ এপাৰ্টমেণ্টৰ ছ’চাইটিয়ে পাইপ মেৰামতিৰ ক্ষেত্ৰত তেনে নীতি, নিয়ম অনুসৰণ কৰাৰ পৰিবৰ্তে মইমতালিৰে এই কাম কৰিছিল।

কিন্তু লক্ষ্যণীয় কথা হ’ল এই মাৰোৱাড়ী সম্প্ৰদায়ৰ লোক কেইজনৰ দৌৰাত্ম্যত প্ৰাণ আহুতি দিবলগীয়া হোৱা পাপিয়াৰ মৃত্যুৰ ন্যায়ৰ পৰিবৰ্তে এতিয়া এক শক্তিশালী চক্ৰই দোষীক শাস্তিৰ পৰা ৰক্ষা পাবৰ বাবে নানান কৌশলৰ আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছে। ৰাজনৈতিক, অৰ্থনৈতিক ক্ষমতাৰে বলিয়ান এই সকলৰ এনে দৌৰাত্ম্যত এতিয়া অতিষ্ঠ হৈ পৰিছে স্থানীয় লোকসকলক। কোনো কাৰণতে যাতে দোষীয়ে শাস্তিৰ পৰা ৰক্ষা নপৰে সেয়া নিশ্চিত কৰিবলৈ দাবী উত্থাপন হৈছে। 

 

গুৱাহাটী