/asomiyapratidin/media/media_files/2025/03/06/zfFMYvXjXiSAgOVU2G9c.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ মালিগাঁৱৰ পাণ্ডুত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড। সুৰাৰ সহজলভ্যতা আৰু মুকলি বেহাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে।
অভিযোগ অনুসৰি মালিগাঁৱৰ পাণ্ডুত এজন ব্যক্তিয়ে মাত্ৰ ৫০ টকাৰ বাবেই আন এজন ব্যক্তিক বাটামেৰে মৰিয়াই হত্যা কৰে। নিহত লোকজনৰ নাম ৰাজু দে'।
জানিব পৰা মতে বুধবাৰে পাণ্ডুত দিনৰ ভাগতে সুৰা সেৱন কৰিবলৈ অমূল্য ৰাজবংশী নামৰ এজন ব্যক্তিয়ে ৰাজু দে' নামৰ ব্যক্তিজনৰ পৰা ৫০ টকা বিচাৰিছিল। কিন্তু সেই ৫০ টকা নিদিয়াৰ বাবেই এদাল বাটামেৰে মৰিয়াই মৰিয়াই হত্যা কৰে ৰাজু দে'ক।
কৰ্মসূত্ৰে ৰাজু দে' মালিগাঁৱৰ ৰে'লৱে কেণ্টিনৰ কৰ্মচাৰী। অমূল্য ৰাজবংশীয়ে অতি নিৰ্মম ভাৱে প্ৰহাৰ কৰাৰ পাছতে তেওঁক জি এম চি এইছলৈ লৈ যোৱা হৈছিল যদিও হাস্পতাল নাপাওঁতেই তেওঁৰ মৃত্যু হয়।
ইফালে পৰৱৰ্তী সময়ত আৰক্ষীয়ে হত্যাকাৰী অমূল্য ৰাজবংশীক আটক কৰিছে। তাৰোপৰি ঘটনাস্থলীৰ পৰা হত্যাত ব্যৱহাৰ হোৱা বাটামো উদ্ধাৰ কৰিছে।
ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত ৰাজু দে'ৰ পৰিয়ালে ৰুজু কৰিছে এক গোচৰ। কিন্তু এই পৰ্যন্ত অবৈধ ভাৱে সুৰাৰ ৰমৰমীয়া বেহা অব্যাহত ৰখাসকলৰ বিৰুদ্ধেহে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
স্থানীয় লোকে দাবী জনাইছে অবৈধ আৰু অতি সহজলভ্য সুৰাৰ বেহা বন্ধ নকৰিলে এনে ঘটনা পুনৰ সংঘটিত হোৱাৰ সম্ভাৱনা আছে। সেয়ে জনসুৰক্ষা আৰু সামাজিক শৃংখলা বজাই ৰখাৰ স্বাৰ্থত এই অবৈধ সুৰাৰ বেহা বন্ধ কৰিবলৈ দাবী জনাইছে।