/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a076ca14-5fdd-4381-bd4a-1ca7a42dff48/108.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : পোহৰৰ উৎসৱ দীপান্বিতাৰ দিনা কামৰূপ মহানগৰ জিলাৰ দিশপুৰ সমষ্টিৰ অধীনৰ চাহ জনজাতি অধ্যুষ্ঠিত কুৰকুৰীয়া গাঁৱত ডা০ নৱ গোস্বামী ফাউণ্ডেশ্যন আৰু হেল্প এইড ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত "পণ্ডিত হেমচন্দ্ৰ গোস্বামী পূৰ্ণ স্বাক্ষৰতা অভিযান" নামেৰে এক প্ৰকল্পৰ শুভাৰম্ভ কৰা হয় । মহানগৰীৰ গাতে লাগি থকা কুৰকুৰীয়া গাঁৱত শিক্ষাৰ হাৰ বৰ্তমান ৪০ শতাংশৰ পৰা ১০০ শতাংশ কৰাৰ এক মহান লক্ষ্য আৰু উদ্দেশ্যে আগত ৰাখিয়েই এই পূৰ্ণ স্বাক্ষৰতা অভিযানৰ শুভাৰম্ভ কৰা হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/285be0a1-16cf-496a-8da5-4e253b1bdd3d/a1c1c268_bd70_45d1_ba13_5c4daa8067f1.jpg)
এই উপলক্ষে কুৰকুৰীয়াস্থিত হেল্প এইড ফাউণ্ডেশ্যনৰ কাৰ্যলয়ৰ বাকৰিত এখনি সভা অনুষ্ঠিত হয় । ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অঞ্জুলিনা চৌধুৰীয়ে আঁত ধৰা সভাখনিত বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডা০ জয়ন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
তেওঁ কয়- "শিক্ষাৰ গুৰুত্ব অপৰিসীম। প্ৰতিজন মানুহে শিক্ষিত হ'লেহে কুসংস্কাৰ, অন্ধবিশ্বাস সমাজৰ পৰা আঁতৰি যাব । নিকা হ'ব চৰকাৰ, প্ৰশাসনৰ পৰা আৰম্ভ কৰি সৰ্বদিশ । শিক্ষা থাকিলে পৃথিৱী জয় কৰিব পাৰি ।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9187155d-61b2-4413-ac91-eb1e56d07aaa/5eaf9fc4_7027_49c6_9317_c06645aa2595.jpg)
সভাত আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তই বিশিষ্ট অতিথিৰ ভাষণত কয়- "পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ অসমীয়া ভাষা-সাহিত্যলৈ অৱদান অন্যন্য । তেওঁৰ ওচৰত অসমীয়া জাতি ঋণী হৈ আছে। এইজনা মহান অসমীয়াৰ নাতি ডা০ নৱ গোস্বামীয়ে লোৱা যোগাত্মক চিন্তাৰ কৰ্মই জাতিটোক সমৃদ্ধিশালী কৰিব । কুৰকুৰীয়া গাঁৱ এদিন পূৰ্ণ স্বাক্ষৰ হৈ উঠিব ।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/68b60b7c-590a-493d-b7d1-ef9d44245be5/2f3900fb_069f_4647_add8_bb53869a41b8.jpg)
ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা আমেৰিকা নিবাসী ডা০ নৱ গোস্বামীয়ে কয় যে, তেওঁৰ ককাৰ আধৰুৱা কামবোৰ, সপোনবোৰ বাস্তৱ ৰূপায়ন কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব। অনুষ্ঠানত ডা০ বনজিৎ চৌধুৰী, পল্লৱী গোস্বামী, ৫৬নং ডিগাৰু গাঁৱ পঞ্চায়তৰ সভাপতি মিনু মিথিয়া, গাঁওবুঢ়া বৈকুণ্ঠ নাথে অংশ লৈ শিক্ষাৰ মূল্য, ইয়াৰ প্ৰয়োজনীয়তা, সমাজ নিৰ্মাণত শিক্ষাৰ প্ৰাসংগিকতাৰ বিষয়ে কোৱাৰ লগতে স্বেচ্ছাসেৱী অনুষ্ঠানদুটিয়ে লোৱা প্ৰদক্ষেপক শলাগ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a1d6ba3c-1da3-4da7-86eb-7bab3e2049fa/e27a1fad_88a2_45e2_bc42_f5affcd0b846.jpg)
হেল্প এইড ফাউণ্ডেশ্যনৰ অধ্যক্ষ অঞ্জুলিমা চৌধুৰীয়ে জানিব দিয়ামতে কুৰকুৰীয়া গাঁৱক এবছৰৰ ভিতৰত যিকোনো বিনিময়ত পূৰ্ণ স্বাক্ষৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে ইয়াৰ পৰাই একো-একোজন বিশিষ্ট নাগৰিক হিচাপে গঢ়ি তুলিব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a5384aa6-1036-46e2-8d8e-d7c5345898d4/f1e915ca_7c0a_4a8a_94e2_86547df35f44.jpg)
Also Read: অধ্যাপক ড০ কনক চন্দ্ৰ চহৰীয়াৰ জন্মদিন পালন আৰু 'গৱেষণাৰ ৰ'দকাঁচলি' শীর্ষক গৱেষণা গ্ৰন্থ উন্মোচন