পাণবজাৰৰ নাককাটা পুখুৰীত ওপঙি উঠিল অচিনাক্ত যুৱকৰ নিথৰ দেহ

পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে এজন অচিনাক্ত যুৱকৰ মৃতদেহ। আজি বিয়লি অহা এজাক বৰষুণৰ পিছতে পাণবজাৰৰ নাককটা পুখুৰীত ওপঙি উঠে এজন যুৱকৰ মৃতদেহ। 

author-image
Asomiya Pratidin
New Update
পাণবজাৰৰ নাককাটা পুখুৰীত ওপঙি উঠিল অচিনাক্ত যুৱকৰ নিথৰ দেহ

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে এজন অচিনাক্ত যুৱকৰ মৃতদেহ। আজি বিয়লি অহা এজাক বৰষুণৰ পিছতে পাণবজাৰৰ নাককটা পুখুৰীত ওপঙি উঠে এজন যুৱকৰ মৃতদেহ। 

Advertisment

পাণবজাৰৰ ৰেৱতী চাট হাউচৰ সমীপত সংঘটিত হৈছে এই ঘটনা। যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতে খবৰ দিয়া হয় আৰক্ষীক। পাণবজাৰ আৰক্ষীয়ে আহি দণ্ডাধীশৰ উপস্থিতিত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে যদিও এই পৰ্যন্ত যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

অৱশ্যে আৰক্ষী সূত্ৰত জানিব পৰা মতে মৃত যুৱকজনৰ বয়স আনুমানিক ২০ ৰ পৰা ২৫ বছৰ। বৰ্তমান তেওঁক জি এম চি এইছলৈ লৈ যোৱা হৈছে। এতিয়ালৈকে জানিব পৰা নাই যুৱকজনৰ মৃত্যুৰ কাৰণ। 

যুৱকজনে আত্মহত্যা কৰিছে নে কোনোৱে হত্যা কৰি এইদৰে পেলাই দিছে সেয়াও নিশ্চিত নহয়। আৰক্ষীৰ তদন্তৰ অন্তত হে এই সকলো বিষয় স্পষ্ট হ'ব। 

মৃতদেহ উদ্ধাৰ