মহানগৰীত "পল্লৱীজ চিল্ক ওৱণ্ডাৰ"ৰ দ্বিতীয়খন বিপনী মুকলি!

মহানগৰীৰ অন্যতন অসমীয়া সাজ-পাৰৰ বিপনী হ'ল "পল্লৱীজ চিল্ক ওৱণ্ডাৰ"। আজি বিপনীখনে মহানগৰীত তেওঁলোকৰ দ্বিতীয় খন বিপনী মুকলি কৰে।

author-image
Asomiya Pratidin
New Update
মহানগৰীত "পল্লৱীজ চিল্ক ওৱণ্ডাৰ"ৰ দ্বিতীয়খন বিপনী মুকলি!

ডিজিটেল ডেস্ক: বয়ন শিল্প হ'ল অসমৰ এক অন্যতম কুটিৰ শিল্প। অতীজৰে পৰা এই শিল্পই অসমৰ অৰ্থনীতিত এক বিশেষ ভূমিকা পালন কৰি আহিছে। অসমীয়া সংস্কৃতিৰ অবিচ্চেদ্য অংগ এই বয়ন শিল্পক বিভিন্ন সময়ত বিভিন্ন বিপনীয়ে বহিৰাগত সাজ-পাৰৰ লগত ৰিজাই বিকৃত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

Advertisment

পিছে এনে অভিযোগক কাটি-কৰি যোৱা এযুগ ধৰি আজু আইতাৰ তাতঁশালৰ অপূৰ্ব চানেকীক "পল্লৱী'জ চিল্ক ওৱণ্ডাৰে" নিজস্ব সৃষ্টিশীলতাৰে অসমবাসীক অসমীয়া সাজ-পাৰৰ যোগান ধৰি আহিছে। বিপনীখনে আজি বিভিন্ন ৰঙৰ সমাহাৰত বৰ্ণাঢ্য ৰূপত ৰাজগড়ৰ ৮নং উপ-পথৰ বিপৰীতে পদ্মালক্ষী কমপ্লেক্সত তেওঁলোকৰ দ্বিতীয়খন বিপনী মুকলি কৰে।

"পল্লৱী'জ চিল্ক ওৱণ্ডাৰ"ৰ নতুন বিপনীখন শুভ উদ্বোধন কৰে বিশিষ্ট সাংবাদিক, লেখিকা অনুৰাধা শৰ্মা পূজাৰী আৰু বিশিষ্ট কন্ঠশিল্পী তথা সংগীত পৰিচালিকা তৰালী শৰ্মাই। বিপনীখনত মহিলা, পুৰুষ, শিশু সকলোৰে বাবে পাট-মূগা, মূগা, কপাহী আদি সূতাৰ সাজ-পাৰ উপলব্ধ হ'ব।

"যোৱা বাৰটা বছৰৰ বহু অভিজ্ঞতা লৈ এইবাৰ অনন্য ৰূপত নতুন ঠিকনাত "পল্লৱী'জ চিল্ক ওৱণ্ডাৰ" মুকলি কৰিছো"- বুলি মত প্ৰকাশ কৰে বিপনীখনৰ স্বত্বাধিকাৰীয়ে। লগতে উন্নত মানদণ্ডৰ অসমীয়া সাজ-পাৰ যোগানৰ ক্ষেত্রত বিপনীখনে চেষ্টা অব্যাহত ৰাখিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

Also Read: 18 Temples In Assam: ভক্তই দৰ্শন কৰিবলগীয়া অসমৰ মন্দিৰসমূহ