পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত জীৱনী সাহিত্য সন্মিলনৰ আয়োজন

পৰৱৰ্তী সময়ত জীৱনীসমূহ একত্ৰিত কৰি গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হ'ব বুলি জনায়
পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত জীৱনী সাহিত্য সন্মিলনৰ আয়োজন

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ অন্যতম প্ৰকাশন গোষ্ঠী পৰাগজ্য়োতি প্ৰকাশনৰ আদৰণীয় পদক্ষেপ। অসমৰ মহান ব্যক্তিসকলৰ জীৱনী জনাটো নিতান্তই দৰকাৰ । অসমৰ সমাজ জীৱন ধন্য কৰা বৰেণ্য লোকসকলৰ জীৱনী প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে "পৰাগজ্যোতি প্ৰকাশন"ৰ উদ্যোগত জীৱনী সাহিত্য সন্মিলনৰ আয়োজন কৰা হৈছে।

ওপৰত উল্লেখ কৰা উদ্দেশ্য অনুসৰি প্ৰকাশন গোষ্ঠীটিয়ে অহা ০৭ মে', ২০২৩ দেওবাৰে দিনৰ ১ বজাৰ পৰা মহানগৰীৰ গনেশগুৰিস্থিত (গনেশ মন্দিৰৰ সমুখত) "দিশপুৰ প্ৰেছ ক্লাব" প্ৰাংগণত এখনি জীৱনী সাহিত্য সন্মিলনৰ আয়োজনৰ দিহা কৰিছে । যিসকলে জীৱনী লিখি পাঠ কৰিব, তেওঁলোকে আগতিয়াকৈ কোন বিশিষ্ট ব্যক্তিৰ জীৱনী লিখিব সেয়া বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব লাগিব ।

আনহাতে জীৱনী ৰচনাৰ শব্দ সংখ্যা সৰ্বাধিক ৭০০ ৰ ওপৰ হ'ব নোৱাৰিব । লিখাসমূহ অসমীয়াত হ'ব লাগিব । পৰৱৰ্তী সময়ত জীৱনীসমূহ একত্ৰিত কৰি গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হ'ব বুলি জনায় ।

উল্লেখ্য যে সবিশেষ জানিবৰ কাৰণে আহ্বয়ক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (৯৮৬৪০-৭২৬৯৯), দিলস্ লক্ষ্মীন্দ্ৰ সিংহ ( ৮৬৩৮০-১৪৬৩৬) প্ৰকাশনৰ সচিব দীপক শৰ্মা (৬৯০১৬-২০০২০)ৰ স'তে আগ্ৰহীয়ে যোগাযোগ কৰিব পাৰিব বুলি জনায় ।

পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত জীৱনী সাহিত্য সন্মিলনৰ আয়োজন
গোলাঘাটৰ মৌখোৱাত ঈদ পালন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in