আছুৰ পৰা অব্যাহতি ল'লে সাংগঠনিক সম্পাদক পংকজ কলিতাই...

সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পংকজ কলিতাই আজি সংগঠনটোৰ সভাপতি আৰু সম্পাদকক উদ্দেশ্যি লিখা অব্যাহতি পত্ৰত একান্তই ব্যক্তিগত কাৰণত সংগঠন এৰাৰ কথা উল্লেখ কৰিছে। 

author-image
Asomiya Pratidin
New Update
আছুৰ পৰা অব্যাহতি ল'লে সাংগঠনিক সম্পাদক পংকজ কলিতাই...

ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰিলে পংকজ কলিতাই। সংগঠনটোৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত থকা পংকজ কলিতাই আজি সংগঠনটোৰ সভাপতি আৰু সম্পাদকক উদ্দেশ্যি লিখা অব্যাহতি পত্ৰত একান্তই ব্যক্তিগত কাৰণত সংগঠন এৰাৰ কথা উল্লেখ কৰিছে। 

Advertisment

উল্লেখ্য যে, ২০০৮ চনত বামুন্দী মহাবিদ্যালয়ৰ আছু গোটৰ সদস্য হিচাপে সংগঠনটোৰ সৈকে জড়িত হোৱা পংকজ কলিতাই পৰৱৰ্তী সময়ত শাখা, আঞ্চলিকৰ সাধাৰণ সম্পাদকৰ লগতে কামৰূপ জিলা ছাত্ৰ সন্থাৰো সাধাৰণ সম্পাদকৰ দায়িত্ব বহন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত তেওঁ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰো সাংগঠনিক সম্পাদকৰ দৰে গুৰু দায়িত্ব বহন কৰিছিল।

পংকজ কলিতাই প্ৰেৰণ কৰা পদত্যাগ পত্ৰত তেওঁ লিখিছে, অসমীয়া মানুহৰ স্বভিমান আৰু শক্তিৰ হকে অহোপুৰুষাৰ্থ কৰা শক্তিশালী ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাত অন্তৰ্ভুক্ত হৈ অসমীয়া জাতিৰ জটিল সন্ধিক্ষণত কিঞ্চিত সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰাৰ বাবে আপোনালোকৰ ওচৰত সদায়েই কৃতজ্ঞ।

তেওঁ লিখিছে, ছাত্ৰ সন্থাৰ প্ৰাথমিক, আঞ্চলিক, জিলা আৰু কেন্দ্ৰীয় বিষয়ববীয়া, সদস্য/সদস্যাৰ প্ৰতি মোৰ সম্ভাষণ আৰু কৃতজ্ঞ নিবেদন কৰিছো। সদৌ অসম ছাত্ৰ সন্থা চিৰদিন অসম আৰু অসমীয়া জাতিৰ কাৰণে আশাৰ প্ৰদীপ হৈ থকাৰ কামনাৰে একান্ত ব্যক্তিগত কাৰণত ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্যৰ পৰা অব্যহতি গ্ৰহণ কৰিলো।

আছু