/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/o5076zwf/web-1-2.png)
ডিজিটেল ডেস্ক : জ্যোতিষবিদ্যা। জ্যোতিষবিদ্যা অতীতৰ পৰাই ভাৰতবৰ্ষত এক সুকীয় স্থান দখল কৰি আহিছে। তাৰোপৰি বিশ্ব- ব্ৰহ্মাণ্ডতো জ্যোতিৰ্বিজ্ঞানকলৈ হয় কেতবোৰ আলোচনা।
বিজ্ঞান তথা প্ৰযুক্তি আৰু জ্যোতিষবিদ্যা একেই নহয় যদিও কিছু কিছু ক্ষেত্ৰত দুয়োটা পদ্ধতিয়ে সময় সাপেক্ষে এক সমিল মিল স্থানত উপনীত হোৱা দেখা যায়। দিন, বাৰ, মাহ, তিথি, পক্ষ আদিৰ ক্ষেত্ৰতো দুয়োটা পদ্ধতিয়ে একেই মতত উপনীত হয়। যাৰ বাবে বিজ্ঞান আৰু জ্যোতিষবিদ্যাক উভয়কে সাঙুৰি কোৱা হয় জ্যোতিৰ্বিজ্ঞান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/34pwbh7o/6715aa48-467a-407f-82e4-eec5e45d019e.jpg)
দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজত মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অসম জ্যোতিষ সভাৰ ৰূপালী জয়ন্তী উপলক্ষে এখনি মুকলি অধিবেশন অনুষ্ঠিত কৰা হয়। দুদিনীয়াকৈ আয়োজন কৰা হয় অসম জ্যোতিষ সভাৰ ৰূপালী জয়ন্তী বৰ্ষ।
এই উপলক্ষে শনিবাৰৰ দিনটোত শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ আৰু শ্ৰী শ্ৰী নৱগ্ৰহ যজ্ঞানুষ্ঠান এই দুয়োটা কাৰ্যসূচী সম্পন্ন কৰা হয়। ইয়াৰ পাছতে দ্বিতীয় দিনা অৰ্থাৎ দেওবাৰে মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত মুকলি অধিবেশনৰ লগতে বৈদিক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। এই আলোচনা চক্ৰৰ বিষয় আছিল- আধুনিক বিজ্ঞানৰ যুগত জ্যোতিষৰ প্ৰয়োজনীয়তা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/n1vagjyb/cedcc32a-23e9-465c-acbf-da5e1b206628.jpg)
উক্ত আলোচনাত আলোচক হিচাপে উপস্থিত থাকে- যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ নগেন বৰদলৈ, বিশিষ্ট জ্যোতিষী ড০ শান্তনু শৰ্মা বৰুৱা আৰু বিশ্ব জ্যোতিষ বিদ্যাপীঠৰ অধ্যাপক ড০ সুৰজিৎ হাজৰিকা। আলোচনা চক্ৰখনিত অংশ লৈ ড০ শান্তনু শৰ্মাই কয়- আজিৰ পৰিৱেশত জ্যোতিষক নস্যাৎ কৰি এষ্ট্ৰন’মি সৃষ্টি হ’ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/2h74hkky/f0f56bc7-6e7a-4cc0-8a94-720eb73b2aaa.jpg)
এষ্ট্ৰল’জিৰ দুটা ভাগ এটা হৈছে প্লেনেট’ৰি পজিছন আৰু আনটো হৈছে প্ৰেডিকছন। প্লেনেট’ৰি পছিজন সন্দৰ্ভত হোৱা বিতৰ্কৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে আলোচকগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/ert8ejg7/3ea7ac53-56f6-4dfc-bfde-6e3222cd027f.jpg)
আনহাতে আন এগৰাকী আলোচক ড০ সুৰজিৎ হাজৰিকাই কয়- আমাৰ জ্যোতিষৰ ভাগ ৩টা। এটা থলুৱা জ্যোতিষ, যিটো অসমত চলি আহিছে। এটা হৈছে কেভিচিচেভ। এই পদ্ধতিটো অসমৰ বাহিৰত চলে বুলি তেঁও কয়। লগতে আনটো ভাগ হৈছে এডমাণ্ড টেলাৰ পদ্ধতি, এই পদ্ধতিটো সমগ্ৰ বিশ্বতে ব্যৱহাৰ হয় বুলি আলোচক ড০ হাজৰিকাই জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/9otyybxe/c5de81ed-c0bf-4291-b1b5-791fad06b44c.jpg)
আনহাতে সঞ্চালক অনিল বৰুৱাই জনোৱা অনুসৰি অসম জ্যোতিষ সভাৰ জন্ম হৈছিল ১৯৯৯ চনৰ ১৯ মে’ৰ দিনৰ ৪ বাজি ১৫ মিনিটত। লগতে তেঁও অসম জ্যোতিষ সভাৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যক্ৰমণিকা সন্দৰ্ভত কিছু ব্যাখ্যা প্ৰকাশ কৰে। তাৰোপৰি অনুষ্ঠানৰ আটাইকেটা কাৰ্যসূচীতে সকলো ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/yc1qdk56/f0cb23b3-61df-46cd-86bd-607f2878b3ae.jpg)
ইফালে অসম জ্যোতিষ সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ মুখ্য সম্পাদক কৃতী ৰঞ্জন শৰ্মাই জানিবলৈ দিয়ে যে আজিৰ এই অনুষ্ঠানতে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কথা। ৰাজ্যৰ ভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা একাংশ ব্যক্তিক অসম জ্যোতিষ সভাৰ তৰফৰ পৰা মানপত্ৰ, উপাধি প্ৰদানৰ লগতে সন্মান জনোৱা হ’ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/073iutp0/4e4ec886-c4fb-4ff3-a74b-e1f32a608f8e.jpg)
লগতে তেঁও জনাই যে আজিৰ এই অনুষ্ঠানতে অসম জ্যোতিষ সভাৰ মুখপত্ৰ দৈৱজ্যোতি উন্মোচন কৰা হ’ব। ইতিমধ্যে আজিৰ পৰৱৰ্তী কেইবাটাও কাৰ্যসূচীত শোভাবৰ্ধন কৰাৰ বাবে অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছে।
Also Read: সকলোতে আছে নাম! দেশত ছিক্কিমৰ জয়গান...