/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
গান্ধীবস্তিত পুনৰ ৰে'লৰ চেপাত এজনৰ মৃত্যু...
ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক দুৰ্ঘটনা। গান্ধীবস্তিৰ ৰে'লৱে ক্ৰছিঙত পুনৰ এজন লোকে প্ৰাণ হেৰুৱালে আজি।
প্ৰাৰম্ভিক খবৰ অনুসৰি গান্ধীবস্তিৰ ৰে'লৱে ক্ৰছিঙত ৰে'লৰ চেপাত এজন লোকৰ মৃত্যু হৈছে। লোকজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই।
ৰে'লৰ চেপাৰ বাবে মানুহজনৰ দুয়োখন ভৰি ছিগি গৈছে। অৱশ্যে কেনেকৈ এই ঘটনা সংঘটিত হ'ব পালে সেই বিষয়ে এতিয়ালৈকে জানিব পৰা নাই।
উল্লেখ্য যে, কিছু দিনৰ পূৰ্বে অনুৰূপ ধৰণেই আন এজন লোকক ইয়াত ৰে'ৱে চেপাৰ ফলত মৃত্যু হৈছিল।