বৃহস্পতিবাৰে নিযুক্তি পালে ৫৮ জনেঃ শুকুৰবাৰে নিযুক্তি পত্ৰ গ্ৰহণ কৰিব কেইবা শতাধিকে...

বৃহস্পতিবাৰে নিযুক্তি পালে ৫৮ জনেঃ শুকুৰবাৰে নিযুক্তি পত্ৰ গ্ৰহণ কৰিব কেইবা শতাধিকে...

ডিজিটেল ডেস্কঃ অসম চৰকাৰে আজি পুনৰ ৫৮ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে প্ৰদান কৰে নিযুক্তিপত্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ১ লাখ নিযুক্তিৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই লক্ষ্য আগত লৈ পুনৰবাৰ এইদৰে ৫৮ গৰাকীক নিযুক্তি প্ৰদান কৰিলে।

গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত অনুষ্ঠিত হোৱা এই নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰোণোজ পেগুৱে আনুষ্ঠানিকভাৱে এই নিযুক্তি পত্ৰসমূহ বিতৰণ কৰে।

স্মৰ্তব্য, অসম চৰকাৰে ইতিমধ্যে বিভিন্ন বিভাগত ৮৭,৭৮২ গৰাকী প্রার্থীক নিযুক্তি প্ৰদান কৰিছে। আজি পুনৰ ৫৮ গৰাকীক নিযুক্তি প্ৰদান কৰাৰ পাছত এই সংখ্যা ৮৭,৮৪০ লৈ বৃদ্ধি পাইছে।

আনহাতে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত ৮ ডিচেম্বৰ, শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া আন এক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৫৯৯গৰাকী প্রার্থীক নিযুক্তি পত্ৰ দান কৰা হ'ব।

একেটা অনুষ্ঠানতে আনহাতে লোকনিৰ্মাণ বিভাগৰ দ্বাৰা ২৪০গৰাকী সহকাৰী অভিযন্তা পদৰ প্ৰাৰ্থীকো নিযুক্তি পত্ৰ বিতৰণ কৰিব। এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব।

বৃহস্পতিবাৰে নিযুক্তি পালে ৫৮ জনেঃ শুকুৰবাৰে নিযুক্তি পত্ৰ গ্ৰহণ কৰিব কেইবা শতাধিকে...
মানৱতাবাদী লেখক, সাংবাদিক নিত্য বৰালৈ 'ইছমাইল হোছেই (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in