ডিজিটেল ডেস্কঃ বিশিষ্ট ক্ৰীড়া সংগঠক অনন্ত তালুকদাৰৰ দেহাৱসান। বছৰৰ অন্তিম দিনটোৰ পুৱা প্ৰায় ৬-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰি বিশিষ্ট ক্ৰীড়া সংগঠকগৰাকীয়ে।
প্ৰয়াত তালুকদাৰ আছিল ভলীবলৰ ভাৰতীয় ৰাষ্ট্ৰীয় ৰেপাৰী তথা অসম ভলীবল সন্থাৰ ৰেফাৰী ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ। গুৱাহাটীৰ বিৰুবাৰী নিবাসী তালুকদাৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল।
আজি তেওঁ স্বগৃহতে শাৰীৰিক অসুস্থতাৰ মাজতে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। তেওঁৰ মৃত্যুত বহু কেইটা ক্ৰীড়া গংঠনে শোক প্ৰকাশ কৰিছে।