নুনমাটি সাহিত্য সভাৰ উদ্যোগ আলোচনী প্ৰতিযোগিতা

নুনমাটি সাহিত্য সভাৰ উদ্যোগ আলোচনী প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
নুনমাটি সাহিত্য সভাৰ উদ্যোগ আলোচনী প্ৰতিযোগিতা

ডিজিটেল সংবাদ, গুৱাহাটীঃ সোমবাৰে নুনমাটি সাহিত্য সভায়ে বিভিন্ন বিহু সমিতিয়ে প্ৰকাশ কৰি উলিওৱা আলোচনীৰ ওপৰত এখনি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এক সিদ্ধান্ত লৈছে। সভাপতি ড০ যাদৱ চন্দ্ৰ কলিতা আৰু সম্পাদক এগৰাজ চেত্ৰীয়ে প্ৰেছ বিবৃতি যোগে জনাইছে যে- আগত বিহুৰ লগত সংগতি ৰাখি, বিভিন্ন অঞ্চলৰ, বিভিন্ন বিহু সমিতিয়ে প্ৰকাশ কৰি উলিওৱা আলোচনীৰ ওপৰত এখনি প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছে ।

Advertisment

এই আলোচনী প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজেতাক পুৰস্কৃত কৰা হ'ব ।এই প্ৰতিযোগিতাত বাছনি কৰা পৰিসৰ হিচাপে নুনমাটি, চেক্টৰ-১, বোন্দা, নিউ গুৱাহাটী আদি অঞ্চলৰ বিহু সমিতিয়েহে অংশ ল'ব পাৰিব। প্ৰতি বিহু সমিতিয়ে প্ৰকাশ পোৱা আলোচনীৰ চাৰিটাকৈ কপি নুনমাটি সাহিত্য সভাৰ সভাপতি/সম্পাদক লৈ প্ৰেৰণ কৰিব লাগিব ।

নুনমাটি সাহিত্য সভাই বৃহত্তৰ অঞ্চলটোৰ স্মৃতিগ্ৰন্থ, স্মৰণিকা, মুখপত্ৰ আদি সমৰক্ষণ লগতে গৱেষণাৰ ব্যৱস্থা কৰিছে। শাখা সভাৰ সভাপতি ড০ কলিতা আৰু সম্পাদক চেত্ৰীয়ে জনোৱা মতে- পহিলা ব'হাগত অসম সাহিত্য সভাই পালন কৰি অহা "নিজৰ দিন" উপলক্ষ্যে বৃহত্তৰ অঞ্চলটোৰ ৫জন জাতীয় জীৱনলৈ বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হ'ব ।

Also Read: নিৰ্বাচন খেলিবৰ বাবে সন্ত্ৰাসবাদী সংগঠন PFI ৰ সমৰ্থন লাভ কৰিছে ৰাহুল গান্ধীয়েঃ স্মৃতি ইৰানী

noonmati assam sahitya sabha