নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ আশানুৰূপ ফলাফল, কলা শাখাত উৰ্ত্তীণৰ হাৰ ১০০ শতাংশ…

নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ আশানুৰূপ ফলাফল, কলা শাখাত উৰ্ত্তীণৰ হাৰ ১০০ শতাংশ…

author-image
asomiyapratidin
New Update
নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ আশানুৰূপ ফলাফল, কলা শাখাত উৰ্ত্তীণৰ হাৰ ১০০ শতাংশ…

ডিজিটেল সংবাদ, গুৱাহাটীঃ শনিবাৰে ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ে আশানুৰূপ লাভ কৰিলে ফলাফল। এই বৰ্ষত কলা আৰু বিজ্ঞান শাখাত অৱৰ্তীণ হোৱা মুঠ ১২১ শিক্ষাৰ্থীৰ ভিতৰত ১২০ জন শিক্ষাৰ্থীয়ে উৰ্ত্তীণ হ'বলৈ সক্ষম হয়। ইয়াৰে কলা শাখাত উৰ্ত্তীণৰ হাৰ হৈছে ১০০ শতাংশ। বিদ্যালয় খনৰ ছাত্ৰ গুঞ্জন গুঞ্জন দাসে দখল কৰিলে দশম স্থান।৪৬৪ নম্বৰ লাভ কৰি গুঞ্জনে আঁজুৰি আনিলে এই সন্মান।

Advertisment

শিক্ষানুষ্ঠানখনত কলা শাখাত অৱৰ্তীণ হোৱা মুঠ ৬১ জন শিক্ষাৰ্থীৰ ভিতৰত ১৮ জনে ষ্টাৰ মাৰ্ক, ৪৭ জনে প্ৰথম বিভাগ, ১৪ জনে দ্বিতীয় বিভাগত উৰ্ত্তীণ হোৱাৰ লগতে শিক্ষাৰ্থীসকলে মুঠ ৯৬ টা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হয়।

লেটাৰ মাৰ্ক পোৱা ৯৬ গৰাকীৰ ভিতৰত অসমীয়া বিষয়ত লেটাৰ পাইছে ৩৫ জনে, অলটাৰনেটিভ ইংৰাজীত ৬ জনে, অৰ্থনীতি বিষয়ত ৪ জনে, ইংৰাজীত ২২ জনে, দৰ্শন আৰু তৰ্কশাস্ত্ৰত ৬ জনে, ৰাজনীতিন বিজ্ঞান বিভাগত ১৫ জনে, বুৰঞ্জী বিষয়ত ২ জনে, পৰিসংখ্যা বিষয়ত ১জন, সংস্কৃত বিষয়ত ৩ জনে , গনিত বিষয় আৰু কম্পিউটাৰ বিজ্ঞান বিষয়ত ১-১জন শিক্ষাৰ্থীয়ে লেটাৰ নম্বৰসহ উৰ্ত্তীণ হ'বলৈ সক্ষম হৈছে।

ইফালে বিজ্ঞান শাখাত অৱৰ্তীণ হোৱা ৬০ জন শিক্ষাৰ্থীৰ ভিতৰত ৫৯ জন শিক্ষাৰ্থী উৰ্ত্তীণ হয়। ইয়াৰে ষ্টাৰ মাৰ্ক পোৱা শিক্ষাৰ্থীৰ সংখ্যা ১৩জন আৰু প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা ৫০ জন। দ্বিতীয় বিভাগত ৯ জন শিক্ষাৰ্থী উৰ্ত্তীণ হোৱাৰ লগতে শিক্ষাৰ্থীসকলে মুঠ ৯৬ টা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰে অসমীয়াত ৩৫ জনে, অলটাৰনেটিভ ইংৰাজীত ৫ জনে, ইংৰাজীত ১৯ জনে, কেমেষ্ট্ৰিত ৪ জনে, বায়ল'জিত ১৯ জনে, গনিতত ২জন, পৰিসংখ্যা বিষয়ত ১জন আৰু কম্পিউটাৰ বিজ্ঞান বিভাগত ০২ শিক্ষাৰ্থীয়ে লেটাৰ মাৰ্কসহ উৰ্ত্তীণ হৈছে।