/asomiyapratidin/media/media_files/2025/04/22/ldGpsOkQPBtmACQsj5dB.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় সাহিত্যৰ এটা অতি সন্মানীয় বঁটা ‘ড০ চি. নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় সাহিত্য বঁটা-২০২৫’ অসমৰ বিশিষ্ট আৰু জনপ্ৰিয় কবি নীলিম কুমাৰলৈ আগবঢ়োৱা হৈছে৷ পদ্মভূষণ, জ্ঞানপীঠ বঁটা বিজয়ী তেলেগু ভাষাৰ অতি বিখ্যাত কবি, গীতিকাৰ লেখক ড০ চি. নাৰায়ণ ৰেড্ডীৰ নামত ২০২০ চনৰ পৰা এই বঁটা ভাৰতৰ এজন বিশিষ্ট সাহিত্যিকলৈ আগবঢ়াই অহা হৈছে৷
নীলিম কুমাৰৰ পূৰ্বে এই বঁটা লাভ কৰা বিশিষ্ট সাহিত্যিকসকল হ’ল– জ্ঞানপীঠ বঁটা বিজয়ী ড০ চন্দ্ৰশেখৰ কাম্বাৰ, ড০ প্ৰতিভা ৰায়, বিখ্যাত তামিল লেখিকা শিৱকুমাৰী আৰু প্ৰখ্যাত কবি-গীতিকাৰ জাভেদ আখটাৰ৷ নীলিম কুমাৰ হ’ল এই বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কবি-ঔপন্যাসিক৷
ড০ চি. নাৰায়ণ ৰেড্ডী ট্ৰাষ্টে নীলিম কুমাৰৰ কেইখনমান কবিতা পুথি আৰু উপন্যাস তেলেগু ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰাৰো ইচ্ছা প্ৰকাশ কৰিছে৷ প্ৰতিবছৰে ২৯ জুলাইত ড০ ৰেড্ডীৰ জন্মৰ দিনটোত এই বঁটা প্ৰদান কৰাৰ দৰে এইবাৰো এক বিশেষ অনুষ্ঠানত হায়দৰাবাদত নীলিম কুমাৰক এই বঁটা প্ৰদান কৰা হ’ব৷
এই বঁটাত আছে এটা স্মাৰক, এখন অংগবস্ত্ৰ, প্ৰশংসা পত্ৰ আৰু নগদ পাঁচ লাখ টকা।