নিতুমণি শৰ্মাৰ শিৰত মিছেচ নৰ্থ ইষ্ট ইণ্ডিয়া গট টেলেণ্টৰ বিজয়ীৰ খিতাপ...

নিতুমণি শৰ্মাৰ শিৰত মিছেচ নৰ্থ ইষ্ট ইণ্ডিয়া গট টেলেণ্টৰ বিজয়ীৰ খিতাপ...
নিতুমণি শৰ্মাৰ শিৰত মিছেচ নৰ্থ ইষ্ট ইণ্ডিয়া গট টেলেণ্টৰ বিজয়ীৰ খিতাপ...

ডিজিটেল সংবাদ গুৱাহাটীঃ ৰাজ্যৰ আগশাৰীৰ বেচৰকাৰী সংস্থা ড০ নম্ৰতা শৰ্মা ফাউণ্ডেশ্যনৰ উদ্যোগত "দ্য গ্লোবেল ষ্টাৰ নৰ্থ ইষ্ট ইণ্ডিয়া গট টেলেণ্ট-২০২৩" প্ৰতিযোগিতাৰ মিছেচ নৰ্থ ইষ্ট ইণ্ডিয়া গট টেলেণ্ট শাখাত চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে নিতুমণি শৰ্মাই। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিৰুমণি শৰ্মাৰ।

যোৱা ২৩ ডিচেম্বৰত গুৱাহাটী চানমাৰিৰ তীৰ্থনাথ শৰ্মা প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিযোগিতাত উত্তৰ পূৱৰ প্ৰতিযোগিসকলৰ মাজৰ পৰা শৰ্মাই "মিছেচ নৰ্থ ইষ্ট ইণ্ডিয়া গট টেলেণ্ট"ৰ চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে শৰ্মাই মিচেছ আছাম ৰাজবোৱাৰী প্ৰতিযোগিতাত ৰানাৰ্ছ আপৰ লগতে শীৰ্ষ প্ৰডাকচনে আয়োজন কৰা নৰ্থ ইষ্ট ষ্টাৰ এৱাৰ্ডৰ "ব্ৰেণ্ড এম্বেচাডৰ"ৰ খিতাপো লাভ কৰিছিল।

গৃহ সজ্জা কৰি ভালপোৱা মিচেছ শৰ্মাই সৌন্দৰ্য্য চৰ্চাৰ লগতে গুৱাহাটীৰ বহুতো সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ লগতো জড়িত ।

নিতুমণি শৰ্মাৰ শিৰত মিছেচ নৰ্থ ইষ্ট ইণ্ডিয়া গট টেলেণ্টৰ বিজয়ীৰ খিতাপ...
লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সাক্ষী মালিক ! ইণ্ডিয়া গোটৰ ব্ৰহ্মাস্ত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in