/asomiyapratidin/media/media_files/2025/02/24/6ySOcRFxiy09YHzCqEGu.jpg)
আদি সৰুসজাইত অনুষ্ঠিত হোৱা ঝুমইৰ বিনন্দিনী অনুষ্ঠানত উপস্থিত থাকি প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ ভাষণ চাহ জনগোষ্ঠীটোৰ ভাষাতেই আৰম্ভ কৰে। তেওঁ আৰম্ভণিতে কয়, সবাইকে আমাৰ জহাৰ।
তাৰোপৰি তেওঁ অসমীয়াতে সকলোকে ওলগ জনাই কয়, মই আনন্দিত হৈছো। ঝুমইৰ নৃত্যৰ এই প্ৰস্তুতিত চাহ বাগানৰ সুগন্ধও আছে তাৰ সৌন্দৰ্যও আছে। সেই সৌন্দৰ্য আৰু সুগোন্ধক চাহৰ সৈতে জড়িত লোকৰ বাহিৰে আন কোনে উপলব্ধি কৰিব পাৰে? ঝুমইৰ আৰু বাগান সংস্কৃতিৰ সৈতে আপোনাৰ যেনে বিশেষ সম্পৰ্ক আছে তেনেদৰে মোৰো আছে।
বিহুৰ ৰেকৰ্ডৰ অদ্ভুত দৃশ্যৰ দৰেই ঝুমইৰৰ দৃশ্যও উপভোগ কৰিবলৈ উৎকণ্ঠিত হৈছো। এই প্ৰস্তুতিৰ বাবে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছো। বাগানীয়া ভাষাতে সকোলোকে শুভেচ্ছা জনাই তেওঁ পুনৰ কয়, যেতিয়া অসম আৰু পূৰ্বোত্তৰৰ বিকাশ উপক্ষিত হৈছিল তেতিয়া ইয়াৰ সংস্কৃতিকো একাষৰীয়া কৰা হৈছিল। এতিয়া এই অঞ্চলটোৰ সংস্কৃতিক ব্ৰেণ্ড এম্বেছদৰ স্বয়ং মোডী হৈ পৰিল। মই কাজিৰঙাত বাস কৰা তাৰ জৈৱ বৈচিত্ৰক বৰ্ণনা কৰা মই প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।
আমি কিছু মাহৰ আগতে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছিলো। অসমীয়া লোকে এই ভাষাৰ সন্মানৰ অপেক্ষা দশক ধৰি কৰি আহিছিল। সেইদৰেই চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত চামিল কৰা হ’ল।
ইয়াতো ভাজপা চৰকাৰৰ প্ৰয়াসৰ বৃহৎ ভূমিকা আছিল। অসমৰ গৌৰৱ বীৰ পুত্ৰ লাচিত বৰফুকন, যিয়ে মোগলৰ সৈতে যুদ্ধ অসমৰ সংস্কৃতি আৰু পৰিচয়ক ৰক্ষা কৰিছিল তেওঁৰো ৪০০ বছৰীয়া জন্ম জয়ন্তীকো ইমান ব্যাপক ৰূপত আয়োজন কৰিছিলো যে গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীতো তেওঁক চামিল কৰিছিলো। সমগ্ৰ দেশে তেওঁক নমন কৰিছিল। অসমতো তেওঁৰ ১২৫ ফুঠ ওখ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।
সেইদৰেই আদিবাসী সমাজৰ বাবে আমি জনজাতীয় গৌৰৱ দিৱস উদযাপনৰ ব্যৱস্থা কৰিছো। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ জী স্বয়ং নিজেই আদিবাসী সমাজৰ সন্তান। দেশত জনজাতীয় সমাজৰ যি নায়ক, নায়িকা আছিল তেওঁলোকৰ অৱদানক অমৰ কৰিবলৈ আদিবাসী মিউজিয়াম নিৰ্মাণ কৰা হৈছে।
ভাজপা চৰকাৰে অসমৰ বিকাশো কৰি আছে আৰু ইয়াৰ চাহ জনগোষ্ঠীৰ সেৱাও কৰি আছে। বাগানৰ কৰ্মচাৰীৰ আয় বিকাশৰ বাবে বনাচৰ ঘোষণা কৰা হৈছে। বিশেষকৈ বাগানত কাম কৰা আমাৰ ভনী, জীয়ৰীৰ গৰ্ভাৱস্থাৰ সময়ত তেওঁলোকৰ সন্মুখত আয়ৰ সমস্যাৰ সৃষ্টি হৈছিল।
আজি তেনে প্ৰায় ডেৰ লাখ মহিলাক গৰ্ভাৱস্থাত ১৫ হাজাৰ টকাকৈ সাহায্য দিয়া হৈছে। তেওঁলোকৰ সুস্থ স্বাস্থ্যৰ বাবে অসম চৰকাৰে চাহ বাগানত ৩৫০ ৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ খুলিছে। চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ বাবে ১০০ ৰো অধিক মডেল স্কুল নিৰ্মাণ কৰা হৈছে। তেনে আৰু ১০০ মডেল বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
যুৱকসকলৰ বাবে অ’বিচি কোটাত ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থাও আমি কৰিছো। অসম চৰকাৰে এই জনগোষ্ঠীৰ যুৱকৰ আত্মসংস্থাপনৰ বাবে ২৫ হাজাৰকৈ টকা অনুদান হিচাপে দিয়া হৈছে। চাহ উদ্যোগ আৰু ইয়াৰ কৰ্মচাৰীৰ বিকাশে আগন্তুক সময়ত সমগ্ৰ অসমৰ বিকাশক নতুন গতি দিব। পূৰ্বোত্তৰে বিকাশত নতুন উচ্চতাক স্পৰ্শ কৰিব।
সম্পূৰ্ণ বিশ্বাস আছে সমগ্ৰ দেশত আজি আপোনালোকৰ এই নৃত্যক প্ৰশংসা কৰিব। সকলো টিভি চেনেলে আপোনালোকৰ নৃত্য দেখুৱাবলৈ ৰৈ আছে। সমগ্ৰ বিশ্বই আজি এই সুন্দৰ নৃত্য উপভোগ কৰিব।