গুৱাহাটীত নাৰদ জয়ন্তী উদযাপনঃ চাৰি গৰাকী সাংবাদিকক বিশেষ সম্বৰ্ধনা

ডিডি নিউজৰ কনছাল্টিং এডিটৰ অশোক শ্ৰীবাস্তৱ মুখ্য বক্তা
গুৱাহাটীত নাৰদ জয়ন্তী উদযাপনঃ চাৰি গৰাকী সাংবাদিকক বিশেষ সম্বৰ্ধনা
গুৱাহাটীত নাৰদ জয়ন্তী উদযাপনঃ চাৰি গৰাকী সাংবাদিকক বিশেষ সম্বৰ্ধনা

 ডিজিটেল ডেস্কঃ ‘সাংবাদিকতাৰ প্ৰথম আৰু প্ৰধান নীতি হ'ব লাগে মাতৃভূমিৰ স্বাৰ্থ ৰক্ষা আৰু সুৰক্ষাৰ বাবে এক আপোচবিহীন স্থিতি।‘- এই মন্তব্য ডি ডি নিউজৰ ছিনিয়ৰ কনছাল্টিং এডিটৰ অশোক শ্ৰীবাস্তৱৰ।

বিশ্ব সংবাদ কেন্দ্ৰই অনুষ্ঠিত কৰা নাৰদ জয়ন্তী উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে আজি পুনৰ কয় যে, সংবাদ মাধ্যমৰ লোকসকলৰ লগতে প্ৰতিজন নাগৰিকে দেশৰ বাবে পৰম দায়িত্ব লৈ তেওঁলোকৰ ভূমিকা পালন কৰিবলৈ আগবাঢ়ি আহিব লাগে আৰু সাংবাদিকসকলে ভুৱা আখ্যানৰ বিৰুদ্ধে যুঁজিবলৈ জনসাধাৰণৰ পক্ষত থিয় দিব লাগে।

তেওঁ লগতে কয় যে, শেহতীয়াকৈ সম্পন্ন হোৱা সাধাৰণ নিৰ্বাচনত বিৰোধী দলসমূহৰ লোকসভা আসনৰ সংখ্যা বৃদ্ধিয়ে ভাৰতৰ নিৰ্বাচন আয়োগ আৰু ইভিএমক প্ৰায় ৰক্ষা কৰিছে। বিৰোধী ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচন আয়োগ আৰু ইভিএমক লৈ কৰা অপব্যাখ্যাক সমালোচনাও কৰে।

তেওঁ কয়, বিৰোধীয়ে দাবী কৰি আহিছিল শাসকীয় দল পুনৰ ক্ষমতালৈ আহিলে দেশ একনায়কত্ববাদৰ ফালে গতি কৰিব। বিৰোধীয়ে নিৰ্বাচনৰ পূৰ্বে চলোৱা এই 'নেৰেটিভ'ক তেওঁ সমালোচনা কৰে।

তেওঁ কয়, ইন্দিৰা গান্ধীৰ দিনত দেশখন এনে একনায়কত্বৰ অধীনলৈ আহিছিল। কিন্তু পিছত তেওঁক ক্ষমতাৰ পৰা আঁতৰাই দিছিল। যিকোনো কাৰণতে, ভাৰতৰ জনগণে কেতিয়াও এজন স্বৈৰতান্ত্ৰিক নেতাক দেশ শাসন কৰিবলৈ নিদিয়ে বুলিও স্পষ্টতাৰে কয়।  

দূৰদৰ্শনৰ চিনাকি মুখ অশোক শ্ৰীবাস্তৱে ভাষণত শেহতীয়া কিছুমান ঘটনাৰ ওপৰত উদ্বেগো প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে কিদৰে কিছুমান ধৰ্মান্ধই তামিলনাডুত পৰাজিত প্ৰাৰ্থীৰ ফটো ওলমাই এটা ছাগলীক হত্যা কৰিছিল, পশ্চিমবংগত শাসকীয় ৰাজনৈতিক দলৰ কৰ্মীসকলে তেওঁলোকৰ দলৰ প্ৰাৰ্থীক ভোট নিদিয়া লোকসকলক কিদৰে মুকলিকৈ ভাবুকি দিছিল আৰু এগৰাকী মহিলা সুৰক্ষা কৰ্মীয়ে ভাৰতীয় গণতন্ত্ৰ সুৰক্ষাৰ ছদ্মবেশত চণ্ডিগড় বিমানবন্দৰত এগৰাকী নৱ নিৰ্বাচিত সাংসদক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ ঘটনা।

শ্ৰীবাস্তৱে ভাষণত স্পষ্টতাৰে দাবী কৰে যে, পঞ্জাৱ আৰু হাৰিয়ানাত কৃষক আন্দোলনৰ সময়ত ৭০০ জন লোক নিহত হোৱাৰ বাতৰি ব্যাপকভাৱে বিয়পি পৰিছে যদিও প্ৰকৃততে চৰকাৰী অত্যাচাৰৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাছিল।একাংশ প্ৰতিবাদকাৰী কৃষক আন কাৰণতহে তেওঁলোকৰ বাসগৃহত মৃত্যুবৰণ কৰিছিল বুলি উল্লেখ কৰে।

ভাষণত তেওঁ একাংশ বিদেশী সংবাদ মাধ্যমৰ দ্বাৰা প্ৰচাৰিত ভাৰত বিৰোধী উপাদানসমূহকো সমালোচনা কৰে। নাগৰিকত্ব সংশোধনী আইন তেওঁলোকে নিজ স্বাৰ্থত মুছলমান বিৰোধী বুলি অভিহিত কৰি আৰু গণতান্ত্ৰিক প্ৰতিবাদৰ নামত দেশখন জ্বলাই দিবলৈ বিচৰাৰ অভিযোগ কৰে।

উল্লেখযোগ্য যে, নাৰদ জয়ন্তীৰ এই কাৰ্যসূচীত গুৱাহাটী মহানগৰীৰ চাৰিগৰাকী সাংবাদিকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ ভিতৰত এই বছৰৰ নাৰদ জয়ন্তী বঁটা 'দ্যা আসাম ট্ৰিবিউন'ৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱাক প্ৰদান কৰাৰ লগতে তিনিগৰাকী সাংবাদিক ক্ৰমে 'দৈনিক অগ্ৰদূত' কাকতৰ দিগন্ত গোস্বামী, 'অসমীয়া প্ৰতিদিন'ৰ পদ্মিনী হাজৰিকা, আৰু 'এন ডি ২৪' ৰ ৰাজু বৰুৱাক সম্বৰ্ধনা জনোৱা হয়।

নৱ বুজৰাবৰুৱাৰ দ্বাৰা আয়োজিত অনুষ্ঠানটোত বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সভাপতি গৌৰঙ্গ শৰ্মা, উপ-সভাপতি গুৰু প্ৰসাদ মেধি, সম্পাদক কিশোৰ শিৱমৰ লগতে আন বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

গুৱাহাটীত নাৰদ জয়ন্তী উদযাপনঃ চাৰি গৰাকী সাংবাদিকক বিশেষ সম্বৰ্ধনা
ৰাজ্যত অবৈধ কয়লাখননৰ বিৰুদ্ধে সোচ্চাৰ আপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in