/asomiyapratidin/media/media_files/2024/12/01/LfHIRsXHCZouk8ZDpu3w.png)
ডিজিটেল ডেস্কঃ বাণিজ্য, খাদ্য, সংগীতৰ সংমিশ্ৰণেৰে জীপাল হৈ পৰা খানাপাৰা ইণ্ডৰ ষ্টেডিয়ামৰ বাকৰিত আজি অন্ত পৰিল ‘নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড’ শীৰ্ষক ব্যতিক্ৰমী বাণিজ্য মেলা। প্ৰতিদিন ইনিছিয়েটিভৰ এই নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড শীৰ্ষক বাণিজ্য মেলা কেৱল সাধাৰণ এক বাণিজ্য মেলাৰ পৰিবৰ্তে আছিল শিল্প, কলা, সংস্কৃতি, বাণিজ্যৰ বৰ্ণাঢ্য সমাহাৰ।
ইয়াত ৰাজ্যৰ উদ্যোগী যুৱতী, মহিলাসকলৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্ৰীসমূহৰ উপৰিও নেডফি, নাবাৰ্ড, অসম চৰকাৰৰ কৃষি বিভাগ, উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম কৰ্তৃপক্ষৰ কেইবাখনো বিপণীয়েও অংশগ্ৰহণ কৰে। ইয়াৰে নেডফিৰ বিপণীসমূহে যিদৰে উত্তৰ পূৰ্বাঞ্চলৰ জাতি, জনগোষ্ঠীৰ সাজ-পাৰ, খাদ্য, পৰম্পৰাগত পানীয় বিক্ৰী কৰিবলৈ আনি একপ্ৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ সংস্কৃতিক তুলি ধৰিলে, ঠিক সেইদৰেই নাবাৰ্ডৰ অধীনৰ বিপণীসমূহে অসমৰ থলুৱা শিপিনীয়ে তৈয়াৰ কৰা সাজপাৰ আদিৰে অসমৰ চহকী সংস্কৃতিক প্ৰতিনিধিত্ব কৰে।
জি আই টেগ লাভ কৰা এৰী সূতাৰ বিভিন্ন কাপোৰ, এৰী সূতাত সম্পৰীক্ষা চলোৱা কাপোৰ, জনগোষ্ঠীয় সাজপাৰ আদি বিক্ৰীৰ ব্যৱস্থা কৰে এই বিপণীসমূহে। অসম চৰকাৰৰ কৃষি বিভাগেও কৃষিজাত সামগ্ৰীৰ বিপণীৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে।
এইসমূহৰ উপৰিও অসমৰ উদ্যোগী মহিলাসকলে তৈয়াৰ কৰা বিভিন্ন সাজ-পাৰ, অলংকাৰ, গৃহ সজ্জাৰ সামগ্ৰী, নাৰ্ছাৰী আদিয়ে গ্ৰাহকৰ মন জয় কৰিবলৈ সক্ষম হয়। নন্দিনীৰ এই ব্যতিক্ৰমী বাণিজ্য মেলাৰ আন এক বিশেষত্ব আছিল খাদ্য সম্ভাৰৰ বিপণীসমূহত সেমেকা শীতৰ বতৰত গৰম গৰম খাদ্যৰ জুতি লৈ বিভিন্ন বেণ্ডৰ সাংগীতিক অনুষ্ঠানৰ সোৱাদ।
তিনিওটা দিনতে কেইবাটাও স্থানীয় বেণ্ডে সংগীত পৰিবেশন কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়। বাণিজ্য মেলাৰ বাকৰিত তৃতীয় দিনৰ পুৱা ৯-৩০ বজাৰ পৰা আৰম্ভ হয় শিক্ষাৰ্থীৰ মাজত এক চিত্ৰাংকণ প্ৰতিযোগিতা।
তাৰ পাছত দিনৰ প্ৰায় ১১ বজাৰ পৰা আৰম্ভ হয় আৰ্টৰ কৰ্মশালা। তিনিটা গ্ৰুপৰ মাজত অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতা প্ৰতিটো গ্ৰুপত মুঠ ৪ জনকৈ বিজয়ীক মানপত্ৰ, মেডেল আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয় নন্দিনীৰ মঞ্চতে।
প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ গ্ৰুপ 'এ'ত প্ৰথম পুৰস্কাৰ লাভ কৰে বিকিৰাজ কাশ্যপে। দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে ক্ৰমে কুঞ্জল কলিতা, হিয়ান আদিত্য কাশ্যপ আৰু নিবিড় ৰাজবংশীয়ে।
চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ গ্ৰুপ 'বি'ত প্ৰথম পুৰস্কাৰ লাভ কৰে নিৰ্জুমন বৰাই। দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে ক্ৰমে নিবৃতি পাঠক, কৰিস্মিতা কলিতা আৰু জ্যোতিৰ্ময় মল্ল বুজৰবৰুৱাই।
গ্ৰুপ 'চি'ৰ প্ৰথম পুৰস্কাৰ লাভ কৰে জোনেইড আয়ুবে। দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে ক্ৰমে উদিপ্ত পাঠক, এনি কাশ্যপ আৰু দীপ্তাংশু চেটাৰ্জীয়ে।
পুৰস্কাৰ বিজয়ী সকলোকে নন্দিনীৰ উদ্যোক্তাৰ ফালৰ পৰা মানপত্ৰ, ট্ৰফী আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। এই প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আছিল- অৰূপা ফুকন, দীপেন শৰ্মা আৰু আফটাৰ আলী।
প্ৰথমদিনা সাদিনৰ সম্পাদক, সাহিত্য অকাডেমী বঁটা প্ৰাপক ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰী, নন্দিনীৰ সম্পাদক মাইনী মহন্ত, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ পৰিচালক সঞ্চালক ঋষি বৰুৱা, স্মিতাক্ষী বি গোস্বামীৰ উপস্থিতিত বিশিষ্ট অভিনেত্ৰী নিশিতা গোস্বামীয়ে উদ্বোধন কৰা এই বাণিজ্য মেলাত ৰাইজৰ সহাৰি আছিল আশাব্যঞ্জক।
দ্বিতীয় দিনা নন্দিনীৰ বাকৰিতে নাবাৰ্ডে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰে। এই অনুষ্ঠানত ৰাজ্যৰ ১৪ গৰাকী মহিলা খেতিয়ক আৰু উদ্যোগী মহিলাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত উপস্থিত থাকে নাবাৰ্ডৰ মুখ্য প্ৰবন্ধক লোকেন দাস, অসম চৰকাৰৰ কৃষি বিভাগৰ সচিব টি পি ভূষাল, অসম চৰকাৰৰ মীন বিভাগৰ সঞ্চালক গৌৰী শংকৰ দাস। এই অনুষ্ঠানতে কেইবাগৰাকীও উদ্যোগী মহিলাই নিজৰ অভিজ্ঞতাৰ ভিত্তিত নতুন উদ্যোগী মহিলাসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।
অন্তিম দিনা সন্ধিয়া প্ৰায় ৬ বজাৰ পৰা অনুষ্ঠিত হোৱা সাংগীতিক অনুষ্ঠানত গীত পৰিবেশন কৰে ডিলাইটছান ডাউকা, কুমাৰ ধীৰাজ, অংকিতা ডেকা আৰু স্পন্দন চক্ৰৱৰ্তীয়ে। তিনিওটা দিনৰ আটাইবোৰ অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হৈ যোৱাৰ লগতে এই বাণিজ্য মেলালৈ ৰাইজে জনোৱা সহাৰিৰ বাবে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে ধন্যবাদ জনাইছে। ৰাজ্যৰ উদ্যোগী যুৱতী, মহিলাসকলক দ্বিতীয়বাৰৰ বাবে নন্দিনীৰ এই ব্যতিক্ৰমী বাণিজ্য মেলাৰ জৰিয়তে এখন মঞ্চ দিবলৈ পাই সুখী বুলি জনাইছে।
উল্লেখ্য প্ৰতিদিন ইভেণ্টছ ইনিছিয়েটিভে ষ্টয়িক ষ্টুডিঅ’ৰ সহযোগত অনুষ্ঠিত কৰা এই বাণিজ্য মেলাৰ মুখ্য পৃষ্ঠপোষক টপচেম চিমেণ্ট। তাৰোপৰি ইয়ালৈ সহযোগিতা আগবঢ়াইছে অৱছম আছাম, নাবাৰ্ড, নেডফি আৰু এন ই এইছ এইছ ডি চিয়ে।