Advertisment

বাণিজ্য আৰু সংগীতৰ যুগলবন্দীত জীপাল নন্দিনীৰ বাকৰি

দ্বিতীয় দিনাও জীপাল হৈ পৰিল খানাপাৰা ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ডৰ বাকৰি। পুৱা ১০ বজাত আৰম্ভ হোৱা এই ব্যতিক্ৰমী বাণিজ্য মেলাত দিনৰ ভাগৰে পৰা বিভন্ন শ্ৰেণীৰ লোকৰ আগমণ ঘটে।

author-image
Asomiya Pratidin
New Update
বাণিজ্য আৰু সংগীতৰ যুগলবন্দীত জীপাল নন্দিনীৰ বাকৰি

ডিজিটেল ডেস্কঃ দ্বিতীয় দিনাও জীপাল হৈ পৰিল খানাপাৰা ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ডৰ বাকৰি। পুৱা ১০ বজাত আৰম্ভ হোৱা এই ব্যতিক্ৰমী বাণিজ্য মেলাত দিনৰ ভাগৰে পৰা বিভন্ন শ্ৰেণীৰ লোকৰ আগমণ ঘটে।

Advertisment

দিনৰ প্ৰায় ১১ বজাৰ পৰা এই বাণিজ্য মেলাৰ মঞ্চতে নাবাৰ্ডে অনুষ্ঠিত কৰে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানত নাবাৰ্ডৰ মুখ্য প্ৰবন্ধক লোকেন দাস, অসম চৰকাৰৰ কৃষি বিভাগৰ সচিব টি পি ভূষাল আৰু অসম চৰকাৰৰ মীন বিভাগৰ সঞ্চালক গৌৰী শংকৰ দাস উপস্থিত থাকে।

অনুষ্ঠানত ৰাজ্যৰ কেইবাখনো জিলাৰ মুঠ ১৪ গৰাকী মহিলা খেতিয়ক আৰু উদ্যোগীক বিশেষ ভাৱে নাবাৰ্ডৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়। তাৰোপৰি নাবাৰ্ডে মহিলা উদ্যোগীসকলক এক মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যৰে এই পদক্ষেপ লোৱাৰ বাবে প্ৰতিদিন টাইমৰ  পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীকো সম্বৰ্ধনা জ্ঞাপন কৰে। তাৰোপৰি সন্ধিয়া প্ৰায় ৬ বজাৰ পৰা অনুষ্ঠিত হৈছে সাংস্কৃতিক অনুষ্ঠান।

এই বাণিজ্য মেলাত নাবাৰ্ড, নেডফী, অসম চৰকাৰৰ কৃষি বিভাগৰ বহু কেইখন বিপণীৰ লগতে হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমৰ পূৰ্বশ্ৰী অন হুইলছৰ ভ্ৰাম্যমাণ বিপণীয়ে গ্ৰাহকক বিশেষ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি ৰাজ্যৰ বিভিন্ন উদ্যোগী মহিলা, যুৱতীৰ লগতে ৰাজ্যৰ বাহিৰৰ উদ্যোগী মহিলা, যুৱতীৰ বিপণীয়েও আকৰ্ষণীয় সামগ্ৰীৰে অংশগ্ৰহণ কৰিছে। এই বিপণীসমূহৰ সামগ্ৰীয়েও যথেষ্ট সমাদৰ লাভ কৰিছে।

কাইলৈ এই বাণিজ্য মেলাৰ সামৰণি পৰিব। অন্তিম দিনটোত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা। তাৰোপৰি বাণিজ্য মেলাৰ বাকৰিতে অনুষ্ঠিত হ’ব হস্তশিল্পৰ কৰ্মশালা। সন্ধিয়া বাণিজ্য মেলাৰ মঞ্চত চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ীসকল পুৰস্কাৰসমূহ প্ৰদাণ কৰা হ’ব।

তাৰোপৰি সন্ধিয়া ৫-৩০ বজাৰ পৰা আৰম্ভ হ’ব সাংস্কৃতিক অনুষ্ঠান। শীতৰ এই উমাল সন্ধিয়া খানাপাৰাৰ ইণ্ডোৰ ষ্টেডিয়ামৰ বাকৰিত বিভিন্ন সুস্বাদু খাদ্যৰ জুতি লৈ বাণিজ্যৰ লগতে উপভোগ কৰিব পাৰিব এই সাংগীতিক অনুষ্ঠান।

উল্লেখ্য যে আজি নাবাৰ্ডে সম্বৰ্ধনা জনোৱা মহিলা খেতিয়ক তথা উদ্যোগী মহিলাসকল ক্ৰমে  মীন, পশু পালনৰ জৰিয়তে আদৰ্শ সৃষ্টি কৰা ধেমাজিৰ ৰিঞ্জুমণি চেতিয়া, উদ্যান শস্য, নাৰ্ছাৰী আৰু গাহৰি পালেনেৰ সফলতা লাভ কৰা কোকৰাঝাৰৰ ইৰিনা চাংমা, কেচু সাৰ, শস্য উৎপাদনেৰে স্বাৱলম্বী হোৱা শোণিতপুৰৰ শেৱালী দেৱী, গাহৰী পালন, ছাগলী পালন, কুকুৰা পালন, উদ্যান শস্যৰে স্বাৱলম্বী হোৱা ওদালগুৰিৰ জুলেখা বাগলাৰী, উদ্যান শস্যৰে স্বাৱলম্বী হোৱা ডিমা হাচাওৰ নিপোলা জহাৰী, মিক্সড ফাৰ্মিঙৰ জৰিয়তে আদৰ্শ দেখুওৱা যোৰহাটৰ নৱনীতা দাস, দুগ্ধ উৎপাদন, মীন পালন, নাৰ্ছাৰীৰে স্বাৱলম্বী হোৱা গোৱালপাৰাৰ সবিতা কলিতা, উদ্যান শস্য, নাৰ্ছাৰী, হস্ত শিল্পৰে স্বাৱলম্বী হোৱা পশ্চিম কাৰ্বি আংলং জিলাৰ জয়মতী টকবিপি, গাহৰি পালনেৰে স্বাৱলম্বী হোৱা বাক্সাৰ দময়ন্তী ৰামচিয়াৰী, কৃষি আৰু উদ্যান শস্যৰ আদৰ্শ দেখুওৱা মাজুলীৰ দীপা বৰুৱা, গাহৰি পালন, কাঠফুলা, হস্তশিল্পৰে স্বাৱলম্বী হোৱা চিৰাঙৰ ৰঞ্জিতা বসুমতাৰী, দুগ্ধ উৎপাদনেৰে স্বাৱলম্বী হোৱা নলবাৰীৰ দীপালী দেৱী, গাহৰি পালন, ছাগলী পালন আৰু তাঁতশালেৰে স্বাৱলম্বী হোৱা বজালীৰ বীণা বড়ো আৰু দুগ্ধ উৎপাদন, শস্য উৎপাদনেৰে স্বাৱলম্বী হোৱা শিৱসাগৰ জিলাৰ পদুমী দত্ত।

নন্দিনী বাণিজ্য মেলা নাবাৰ্ড