বাণিজ্যৰ জৰিয়তে উত্তৰ পূবৰ সংস্কৃতিক তুলি ধৰাৰ প্ৰয়াস নেডফিৰ বিপণীৰ

নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড বাণিজ্য মেলাত অংশগ্ৰহণ কৰা বিপণীসমূহে ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ ইয়াত অংশগ্ৰহণ কৰা হস্তশিল্প, হস্ততাঁত আৰু থলুৱা সামগ্ৰীসমূহৰ বিপণীয়ে গ্ৰাহকক বিশেষ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। 

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
বাণিজ্যৰ জৰিয়তে উত্তৰ পূব সংস্কৃতিক তুলি ধৰাৰ প্ৰয়াস নেডফীৰ বিপণীৰ

ডিজিটেল ডেস্কঃ নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড বাণিজ্য মেলাত অংশগ্ৰহণ কৰা বিপণীসমূহে ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ ইয়াত অংশগ্ৰহণ কৰা হস্তশিল্প, হস্ততাঁত আৰু থলুৱা সামগ্ৰীসমূহৰ বিপণীয়ে গ্ৰাহকক বিশেষ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। 

Advertisment

এই বাণিজ্য মেলাত অংশগ্ৰহণ কৰা নৰ্থ ইষ্ট ডেভলপমেণ্ট ফাইনেন্স কৰ্পোৰেছন লিমিডিটেড চমুকৈ নেডফিৰ বিপণীসমূহো সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। নেডফিৰ মুঠ তিনিখন বিপণীৰ ভিতৰত সৰ্বাধিক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে NESHILP। এই NESHILP ৰ বিপণীখনত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ আকৰ্ষণীয় হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰী উপলব্ধ। 

বিপণীখনৰ সামগ্ৰীসমূহত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈচিত্ৰও সুন্দৰকৈ প্ৰতিফলিত হৈছে। ইয়াতে আছে জি আই টেগ লাভ কৰা অসমৰ পৰম্পৰাগত পানীয়ৰ পৰা আৰম্ভ কৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ পৰম্পৰাগত থলুৱা পদ্ধতিৰে তৈয়াৰ কৰা হস্ততাঁত শিল্প।

NESHILP-ৰ এগৰাকী কৰ্মচাৰী বিশ্বজিৎ দেৱে কয়, আমি হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰীসমূহ আমাৰ দ্বাৰা স্বীকৃত শিপিনী আৰু হস্তশিল্পৰে জড়িত ব্যক্তিসকলৰ পৰা সংগ্ৰহ কৰো। তেওঁলোকে নিজেই সামগ্ৰীসমূহৰ মূল্য নিৰ্ধাৰণ কৰে।

আমি এইসমূহ সামগ্ৰী বিক্ৰী কৰি ৫ শতাংশ জি এছ টি কৰ্তন কৰি তেওঁলোকক বাকী মূল্য আদায় দিওঁ। নেডফিৰ স্থায়ী বিপণীসমূহৰ উপৰিও আমি এইদৰে বিভিন্ন বাণিজ্য মেলা, প্ৰদৰ্শনী আদিত অংশগ্ৰহণ কৰো। 

উল্লেখ্য যে, NESHILP নামৰ এই প্ৰতিষ্ঠানটোৱে মেটেকাৰ দ্বাৰা উৎপাদিত বেগ, অৰুণাচলত উপলব্ধ মিমা ঘাঁহৰে তৈয়াৰ কৰা টুপী, বেগ, ডালচেনী গছৰ পৰা তৈয়াৰ কৰা ঢাৰি, বেগ, ডিমাছা কছাৰীসকলৰ পৰম্পৰাগত থলুৱা পানীয় জুডিমা আদিও বিক্ৰীৰ বাবে আনিছে। জুডিমায়ে শেহতীয়াকৈ লাভ কৰিছে ভাৰত চৰকাৰৰ পৰা জি আই টেগ।

ইয়াৰোপৰি এই প্ৰতিষ্ঠানখনত উত্তৰ পূৰ্বাঞ্চলৰ সকলো জাতি, জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পাৰো উপলব্ধ। NESHILP ৰ উপৰিও নেডফিৰ আন দুখন কাপোৰৰ বিপণীয়েও ইয়াত অংশগ্ৰহণ কৰিছে। এই বিপণীসমূহত থলুৱা শিপিনীয়ে তৈয়াৰ কৰা সাজ-পাৰ উপলব্ধ। 

নেডফীৰ এই তিনওখন বিপণী কেৱল মাত্ৰ বিপণী নহয়। এই বিপণী তিনিখনে বাণিজ্যৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ বৈচিত্ৰময় সংস্কৃতিক তুলি ধৰাৰ লগতে বিশ্ব মঞ্চলৈ কঢ়িয়াই নিয়াৰো চেষ্টা কৰিছে। ৰাইজেও তেওঁলোকৰ এই প্ৰচেষ্টাক শলাগ লৈছে আৰু ইয়াৰ সামগ্ৰীসমূহৰ প্ৰতি আগ্ৰহ দেখুৱাইছে। 

 

 

নেডফী নন্দিনী হস্ততাঁত