/asomiyapratidin/media/media_files/2024/12/01/EWemDLEnPJS54kzSmyHs.jpg)
ডিজিটেল ডেস্কঃ নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড শীৰ্ষক ব্যতিক্ৰমী বাণিজ্য মেলাত আজি পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলক নন্দিনীৰ সাংস্কৃতিক মঞ্চতে বঁটাসমূহ প্ৰদান কৰা হয়। মুঠ ৩ টা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত প্ৰতিটো শাখাত মুঠ চাৰিগৰাকীকৈ প্ৰতিযোগিক পুৰস্কাৰ প্ৰদান কৰা হয়।
প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ গ্ৰুপ 'এ'ত প্ৰথম পুৰস্কাৰ লাভ কৰে বিকিৰাজ কাশ্যপে। দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে ক্ৰমে কুঞ্জল কলিতা, হিিয়ান আদিত্য কাশ্যপ আৰু নিবিড় ৰাজবংশীয়ে।
চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ গ্ৰুপ 'বি'ত প্ৰথম পুৰস্কাৰ লাভ কৰে নিৰ্জুমন বৰাই। দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে ক্ৰমে নিবৃতি পাঠক, কৰিস্মিতা কলিতা আৰু জ্যোতিৰ্ময় মল্ল বুজৰবৰুৱাই।
গ্ৰুপ 'চি'ৰ প্ৰথম পুৰস্কাৰ লাভ কৰে জোনেইড আয়ুবে। দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে ক্ৰমে উদিপ্ত পাঠক, এনি কাশ্যপ আৰু দীপ্তাংশু চেটাৰ্জীয়ে।
পুৰস্কাৰ বিজয়ী সকলোকে নন্দিনীৰ উদ্যোক্তাৰ ফালৰ পৰা মানপত্ৰ, ট্ৰফী আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। এই প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আছিল- অৰূপা ফুকন, দীপেন শৰ্মা আৰু আফটাৰ আলী।
তিনিওগৰাকী বিচাৰকে এই প্ৰতিযোগিতাৰ বাবে শিশুসকলক লৈ অনাৰ বাবে অভিভাৱকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। সকলোৰে চিত্ৰসমূহ উচ্চ মানদণ্ডৰ হোৱা বুলি উল্লেখ কৰে। স্থান, নিৰ্ণয় কৰাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলিও কয়। পুৰস্কাৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামী।