Advertisment

নতুন ৰূপত শুকুৰবাৰৰ পৰা খানাপাৰাত 'নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড'...

শিল্প, বাণিজ্য, সংস্কৃতিৰ অপূৰ্ব সংমিশ্ৰণেৰে পুনৰ সাজু হৈ উঠিছে ‘নন্দিনী’ৰ দ্বিতীয় সংস্কৰণ। ষ্টয়িক ষ্টুডিঅ’ৰ সহযোগত প্ৰতিদিন ইভেণ্টছৰ ‘নন্দিনী’ বাণিজ্য মেলা এইবাৰ ‘নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড’ শীৰ্ষক নামেৰে অনুষ্ঠিত হ’বলৈ সাজু হৈছে।

author-image
Asomiya Pratidin
New Update
nandidni

ডিজিটেল ডেস্কঃ শিল্প, বাণিজ্য, সংস্কৃতিৰ অপূৰ্ব সংমিশ্ৰণেৰে পুনৰ সাজু হৈ উঠিছে নন্দিনীৰ দ্বিতীয় সংস্কৰণ। টপচেম চিমেন্ট, Awesome Assam ৰ উদ্যোগত ষ্টয়িক ষ্টুডিঅৰ সহযোগত প্ৰতিদিন ইভেণ্টছৰ নন্দিনী বাণিজ্য মেলা এইবাৰ নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড শীৰ্ষক নামেৰে অনুষ্ঠিত হবলৈ সাজু হৈছে। ২৯ নৱেম্বৰ শুকুৰবাৰৰ পৰা ১ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হব এই নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড।

Advertisment

শুকুৰবাৰে পুৱা ১০-৩০ বজাত আনুষ্ঠানিকভাৱে উদ্বোধন হবলগীয়া নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ডত অংশগ্ৰহণ কৰা বিভিন্ন বিপণীসমূহত পুৰুষ মহিলাৰ বিভিন্ন ধৰণৰ পোচাক, হস্তশিল্প, অলংকাৰ, গৃহ সজ্জা সামগ্ৰী, প্ৰসাধন সামগ্ৰী, শিল্প কলাৰ উপৰিও বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী উপলব্ধ হব।

তাৰোপৰি প্ৰতিটো দিনে সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হব সাংস্কৃতিক অনুষ্ঠান। আনহাতে ১ ডিচেম্বৰৰ পুৱা ৯ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হব চিত্ৰাংকন প্ৰতিযোগিতা। তিনিওতা দিনতেই বাণিজ্য মেলাৰস্থলীতে শিক্ষাৰ্থী তথা সকলো শ্ৰেণী লোকৰ মাজতে অনুষ্ঠিত হব বিভিন্ন ধৰণৰ কৰ্মশালা।

খানাপাৰাৰ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হবলগীয়া এই নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ডৰ তিনিওটা দিনতে শিল্প, বাণিজ্য, সংস্কৃতি আৰু খাদ্যৰ অভূতপূৰ্ণ অভিজ্ঞতা আহৰণৰ সুযোগ পাব ৰাইজে। পূৰ্বৰ দৰেই ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিবলগীয়া এই নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ডত সকলোৰে প্ৰৱেশ বিনামূলীয়া। 

 

নন্দিনী