ডিজিটেল ডেস্কঃ শিল্প, বাণিজ্য, খাদ্য আৰু সংস্কৃতিৰ বৰ্ণাঢ্য সমাহাৰেৰে আজিৰে পৰা আৰম্ভ হৈছে ‘নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড’। আজি খানাপাৰা ইণ্ডোৰ ষ্টেডিয়ামত এই ব্যতিক্ৰমী বামিজ্য অনুষ্ঠান আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী, ‘সাদিন’ৰ সম্পাদক তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰী, ‘নন্দিনী’ৰ সম্পাদক মাইনী মহন্ত, ‘প্ৰতিদিন টাইম’ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, ‘প্ৰতিদিন সংবাদ গোষ্ঠী’ৰ সঞ্চালক ঋষি বৰুৱা, স্মিতাক্ষী বি গোস্বামী, ৰুবী বৰুৱা আৰু অজন্তা গোস্বামীয়ে।
ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগী মহিলাসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যৰে ‘প্ৰতিদিন ইনিছিয়েটিভ’-এ ‘ষ্টয়িক ষ্টুডিঅ’ৰ সহযোগত ২০২৩ বৰ্ষৰ পৰা শিল্প, কলা, বাণিজ্য, খাদ্য, সংস্কৃতিৰ সমাহাৰেৰে ব্যতিক্ৰমী এই নন্দিনী বাণিজ্য মেলা অনুষ্ঠিত কৰি আহিছে।
আজি এই বাণিজ্য মেলা উদ্বোধন কৰি অভিনেত্ৰী নিশিতা গোস্বামীয়ে প্ৰতিদিন ইনিছিয়েটিভৰ এনে যোগাত্মক পদক্ষেপক শলাগ লয়। তেওঁ ৰাজ্যৰ উদ্যোগী মহিলাসকলে নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ডত তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে এক সুযোগ লাভ কৰিছে বুলি উল্লেখ কৰে। এই বাণিজ্য মেলা উদ্বোধনৰ পাছত তেওঁ বিপণীসমূহ পৰিদৰ্শন কৰি ইয়াৰ সামগ্ৰীসমূহ দেখি অভিভূত হৈ পৰা বুলিও কয়।
‘সাদিন’ৰ সম্পাদক অনুৰাধা পূজাৰীয়ে উদ্যোগী মহিলাসকলক উলিয়াই অনাৰ লগতে তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ এই সুযোগ দিয়াৰ বাবে স্মিতাক্ষী বি গোস্বামীক ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ কয়, পূৰ্বেও গৃহিনীসকল সৃষ্টিশীল আছিল যদিও তেওঁলোকে সেইবোৰ প্ৰদৰ্শনৰ বাবে বিশেষ সুযোগ লাভ কৰা নাছিল। এতিয়া প্ৰযুক্তিৰ সমাহাৰৰ বাবে তেওঁলোকে যথেষ্ট সময় লাভ কৰিছে। এই সময়খিনিকে উদ্যোগী মহিলাসকলে সদ ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে।
প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই এই উদ্যোগ গ্ৰহণ কৰাৰ বাবে স্মিতাক্ষী বি গোস্বামীক প্ৰশংসা কৰি কয়, ‘’মাত্ৰ কেইটামান দিনৰ পূৰ্বে দিল্লীত ‘প্ৰতিদিন কনক্লেভ’ অনুষ্ঠিত কৰি আহি এতিয়া তেওঁ পূৰ্বতকৈ অধিক ব্যাপক পৰিসৰত নন্দিনী অনুষ্ঠান আয়োজন কৰিছে। কেইদিনমানৰ পাছত ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া এছিভাৰ এৱাৰ্ড অনুষ্ঠানৰো কাম-কাজ চলি আছে। এনে ব্যস্ততাৰ মাজতো উদ্যোগী মহিলাসকলৰ বাবে তেওঁ গ্ৰহণ কৰা এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়।‘’
অনুষ্ঠানত ভাষণত উদ্যোক্তা স্মিতাক্ষী বি গোস্বামীয়ে এই অনুষ্ঠানলৈ সহযোগিতা আগবঢ়োৱা প্ৰতিজন ব্যক্তি, স্পনছৰ আগবঢ়োৱা অনুষ্ঠানসমূহলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তাৰোপৰি এই বাণিজ্য মেলাত অংশগ্ৰহণ কৰা উদ্যোগী মহিলাসকলক উৎসাহিত কৰিবলৈ খানাপাৰ ইণ্ডৰ ষ্টেডিয়ামৰ প্ৰাংগণলৈ সকলো ৰাইজক আহিবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে, বাণিজ্য মেলাৰ উপৰিও নন্দিনীত শিশুসকলৰ বাবে ১ ডিচেম্বৰত চিত্ৰাংকন প্ৰতিযোগিতা, সকলোৰে বাবে হস্তশিল্পৰ কৰ্মাশালা অনুষ্ঠিত হ’ব। তাৰোপৰি প্ৰতিদিনাই সন্ধিয়া ৫ বজাৰ পৰা আছে সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানত ৰাজ্যৰ কেইবাজনো শিল্পীৰ লগতে বেণ্ডে সংগীত পৰিবেশন কৰিব।
আজিৰ উদ্বোধনী অনুষ্ঠানত আই অ’ চি এলৰ চীফ মেনেজাৰ (কনট্ৰেক্টছ) অনামিকা বসুমতাৰী, আৰ জে আলিয়া, ইনফ্লুয়েঞ্চাৰ স্বেতা হিম্মৎসিংকা, দিব্যা ছিয়টিয়া, হিৰণ্য জ্যোতি দাস আদিও উপস্থিত থাকে। উদ্যোক্তাসকলে উদ্বোধক আৰু ইনফ্লুয়েঞ্চাৰসকলক গামোচা, উপহাৰৰ টোপোলাৰে আদৰণি জনায়।
নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড শীৰ্ষক এই বাণিজ্য মেলাৰ মুখ্য পৃষ্ঠপোষক টপচেম চিমেণ্ট। তাৰোপৰি ইয়ালৈ সহযোগিতা আগবঢ়াইছে অ'ছম আছাম, নাবাৰ্ড, নেডফি, এন ই এইছ এইছ ডি চিয়ে।