নাগালেণ্ডৰ ১০ মহিলা উদ্যোগী গোটে জিনিছে দেশবাসীৰ হৃদয়...

হস্ত নিৰ্মিত অলংকাৰ, বিভিন্ন সোৱাদৰ স্থানীয় পানীয়, হেণ্ড বেগ, সাজপাৰে আকৰ্ষণ কৰিছে গ্ৰাহকক
নাগালেণ্ডৰ ১০ মহিলা উদ্যোগী গোটে জিনিছে দেশবাসীৰ হৃদয়...
নাগালেণ্ডৰ ১০ মহিলা উদ্যোগী গোটে জিনিছে দেশবাসীৰ হৃদয়...

ডিজিটেল ডেস্কঃ প্ৰতিদিন ইভেণ্টছ আৰু ষ্টয়িক ষ্টুডিঅ’ৰ উদ্যোগত আৰু টয়টাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ গণেশ মন্দিৰ ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ‘নন্দিনী’ শীৰ্ষক অনুষ্ঠানত সমাহাৰ ঘটিছে অসমৰ লগতে নাগালেণ্ড, জম্মু কাশ্মীৰৰ প্ৰায় অৰ্ধশতাধিক মহিলা উদ্যোগীৰ। এই অনুষ্ঠানত মহিলা উদ্যোগীসকলে তৈয়াৰ কৰা বিভিন্ন হস্তনিৰ্মিত সামগ্ৰী, সাজপাৰ, অলংকাৰ, গৃহ সজ্জা সামগ্ৰীৰ উপৰিও বিভিন্ন সাদ্য সম্ভাৰৰ সমাহাৰ ঘটিছে।

এই মহিলা উদ্যোগীসকলৰ ভিতৰত নাগালেণ্ডৰ মহিলা উদ্যগী দল এটাৰ তিনিখন বিপণীয়ে ৰাইজক বিশেষ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ৱমেন এণ্টাৰপ্ৰেণাৰ্ছ নেটৱৰ্ক নাগালেণ্ড নামৰ এই মহিলা উদ্যোগী গোটত আছে ১০ গৰাকী উদ্যোগী মহিলাৰ হস্ত নিৰ্মিত বিভিন্ন সামগ্ৰী।

এইসমূহৰ ভিতৰত আছে হস্ত নিৰ্মিত থলুৱা অলংকাৰ, স্থানীয় ফলৰ দ্বাৰা তৈয়াৰ কৰা বিভিন্ন সোৱাদৰ নাগালেণ্ডৰ থলুৱা পানীয়, তেওঁলোকৰ দ্বাৰা ডিজাইন কৰা পোচাক, মহিলাৰ বেগ আদিৰ উপৰিও অন্যান্য সামগ্ৰী উপলব্ধ এই বিপণীত। নাগালেণ্ডৰ এই ১০ উদ্যোগী গোটৰ অন্যতম সদস্য, লৰেনিয়ে গৌৰৱেৰে জনোৱা অনুসৰি তেওঁলোকে নাগালেণ্ডৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰি আহিছে।

তেওঁলোকৰ এই সামগ্ৰীসমূহলৈ বহু লোকে আগ্ৰহ প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱাত অতি উৎসাহী হৈ পৰিছে। অৱশ্যে গুৱাহাটীলৈ তেওঁলোক এইবাৰ প্ৰথমবাৰৰ বাবে আহিছে।

আজিৰে পৰা আৰম্ভ হোৱা এই 'নন্দিনী'ত তেওঁলোকৰ সামগ্ৰীৰ প্ৰতি গুৱাহাটীবাসীয়ে দেখুওৱা আগ্ৰহে আনন্দিত কৰিছে আৰু আগন্তুক দুটা দিনত অধিক সহাৰি লাভ কৰাৰ আশা প্ৰকাশ কৰিছে। উদ্যোগী মহিলাগৰাকীয়ে থলুৱা ফলৰ দ্বাৰা তৈয়াৰ কৰা বিভিন্ন সোৱাদৰ নাগালেণ্ডৰ স্থানীয় সুৰাৰ বিষয়ে উল্লেখ কৰি কয় তেওঁলোকে কেইবাপ্ৰকাৰৰ সোৱাদৰ সুৰা আনিছে যদিও মূলতঃ তিনিটা সোৱাদৰ সুৰাই গ্ৰাহকক অধিক আকৰ্ষিত কৰে। এই তিনিবিধ স্থানীয় সুৰা হৈছে পমেলো, মিক্স ফ্ৰুইট (ৱাইল্ড এপল আৰু ষ্টাৰ গুজবেৰী) আৰু মিক্স ফ্ৰুইট (পীচ আৰু ষ্টাৰ গুজবেৰী)।

১০ গৰাকী মহিলা উদ্যোগীৰে গঠিত এই ৱমেন এণ্টাৰপ্ৰেণাৰ্ছ নেটৱৰ্ক নাগালেণ্ড চুবুৰীয়া ৰাজ্যখনৰ মহিলাসকল উদ্যোগী হোৱাৰ ক্ষেত্ৰত আদৰ্শ হৈ পৰিছে। ইনষ্টাগ্ৰামৰ জৰিয়তে মাৰ্কেটিং কৰা এই মহিলা উদ্যোগীয়ে নতুন প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।

তেওঁলোকৰ দ্বাৰা উৎপাদিত হস্ত নিৰ্মিত সামগ্ৰীসমূহৰ ভিতৰত অলংকাৰ, তেওঁলোকে ডিজাইন কৰা লেডাৰ জেকেট, হেণ্ড বেগকে ধৰি বিভিন্ন সামগ্ৰী নতুন প্ৰজন্মই আদৰি লৈছে। তেওঁলোকৰ আশা গুৱাহাটীবাসীয়েও অহা দুটা দিনত তেওঁলোকক যথেষ্ট মৰম দিব।

এই মহিলা উদ্যোগীগোটৰ সদস্যসকল ক্ৰমে লৰেনি, কেইনেই মৰ, নেইগনেথেম, ৰুথ নিউমাই,  ছুপন চিও, ৰংচেনমংলা, এলিজাবেথ, ছাৰলা, মংগংছাংলা আৰু এলাংগটো আংঘ।

নাগালেণ্ডৰ ১০ মহিলা উদ্যোগী গোটে জিনিছে দেশবাসীৰ হৃদয়...
মুখা শিল্পৰ চৰ্চাৰেও খাব পাৰি ভাত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in