চাংসাৰিৰ এইমছত জঘণ্য হত্যাকাণ্ডঃ সতীৰ্থ কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি...

চাংসাৰিৰ এইমছত জঘণ্য হত্যাকাণ্ডঃ সতীৰ্থ কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি...

author-image
Asomiya Pratidin
New Update
চাংসাৰিৰ এইমছত জঘণ্য হত্যাকাণ্ডঃ সতীৰ্থ কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি...

চাংসাৰিৰ এইমছত জঘণ্য হত্যাকাণ্ডঃ সতীৰ্থ কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি...

ডিজিটেল ডেস্কঃ চাংসাৰিৰ এইমছত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। এইছমৰ এগৰাকী কৰ্মচাৰীক অতি নৃশংষ ভাৱে হত্যা কৰিলে দুৰ্বৃত্তই।

Advertisment

উল্লেখ্য যে, চাংসাৰিৰ এইমছৰ কৰ্মচাৰী নিপন কলিতাক অতি নৃশংষভাৱে হানি-খুচি হত্যা কৰা হৈছে। মাত্ৰ কেইমাহমানৰ পূৰ্বে এইছত যোগদান কৰা নিপন কলিতা আছিল অক্সিজেন মেইটেনেন্স বিভাগৰ কৰ্মচাৰী।

অভিযোগ অনুসৰি একাংশ হিন্দীভাষীয়ে মৰিয়াই মৰিয়াই হানি-খুচি হত্যা কৰিলে নিপনক। বকোৰ ছয়গাওঁ বামুনীগাঁৱৰ যুৱক নিপন কলিতাৰ হত্যা কাণ্ডৰ পাছতে এতিয়া চাঞ্চল্য সৃষ্টি হৈছে।

ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিপন কলিতাৰ ৩ সহযোগীক সোধ-পোছৰ বাবে আটক কৰিছে। আটক কৰা এই ৩ জন সহযোগীৰ নাম ক্ৰমে অমিত মণ্ডল, বিনীত গুপ্তা আৰু দিপক শৰ্মা। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তদন্তৰ বাবে তিনিওকে জেৰা অব্যাহত ৰাখিছে।

Also Read: সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ১০০ কোটি কেলেংকাৰীৰ দায়িত্ব CBI কঃ অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ আমছু সভাপতিৰ...

অপৰাধ চাংসাৰি এইমছ