“মুনীন বৰকটকী সাহিত্য বঁটা”ৰ বাবে গ্ৰন্থ/পাণ্ডুলিপি আহ্বান...

২০২৩ বৰ্ষৰ “মুনীন বৰকটকী সাহিত্য বঁটা”ৰ বাবে তৰুণ লেখক-লেখিকাৰ গ্ৰন্থ/পাণ্ডুলিপি আহ্বান কৰা হৈছে । লেখক-লেখিকাই ছপা গ্ৰন্থ/পাণ্ডিলিপিৰ ৬টা নকল ৩১ জুলাই ভিতৰত প্ৰেৰণ কৰিব লাগিব । বয়সৰ প্ৰমাণ পত্ৰসহ ন্যাসৰ কাৰ্যলয়লৈ প্ৰেৰণ কৰিব লাগিব
“মুনীন বৰকটকী সাহিত্য বঁটা”ৰ বাবে গ্ৰন্থ/পাণ্ডুলিপি আহ্বান...

ডিজিটেল ডেস্কঃ ২০২৩ বৰ্ষৰ “মুনীন বৰকটকী সাহিত্য বঁটা”ৰ বাবে তৰুণ লেখক-লেখিকাৰ গ্ৰন্থ/পাণ্ডুলিপি আহ্বান কৰা হৈছে । লেখক-লেখিকাই ছপা গ্ৰন্থ/পাণ্ডিলিপিৰ ৬টা নকল ৩১ জুলাই ভিতৰত প্ৰেৰণ কৰিব লাগিব । বয়সৰ প্ৰমাণ পত্ৰসহ ন্যাসৰ কাৰ্যলয়লৈ প্ৰেৰণ কৰিব লাগিব ।

৪০ বছৰ নাইবা তাতোকৈ কম বয়সৰ লেখক/লেখিকাই এই বঁটাৰ বাবে কৰিব পাৰিব আবেদন । তদুপৰি লেখক-লেখিকাসকলৰ তিনি খনতকৈ অধিক প্ৰকাশিত অসমীয়া গ্ৰন্থ থাকিব নেলাগিব । ছপা গ্ৰন্থৰ ক্ষেত্ৰত বঁটা প্ৰদান বৰ্ষৰ পাঁচ বছৰৰ আগৰ হ'ব লাগিব । অৰ্থাৎ ২০২৩ বৰ্ষৰ বঁটাৰ বাবে ১ জানুৱাৰী ২০১৮ৰ পৰা ৩১ ডিচেম্বৰ ২০২২ত প্ৰকাশিত গ্ৰন্থহে বিবেচিত হ'ব ।

ইয়াৰ উপৰি ৰাজ্য়িক বা ৰাষ্ট্ৰীয় পৰ্য়ায়তইতিপূৰ্বে পুৰস্কাৰ লাভ কৰা গ্ৰন্থ বা অন্য বিশিষ্ট প্ৰতিষ্ঠানৰ পুৰষ্কাৰপ্ৰাপ্ত গ্ৰন্থ বঁটাৰ বাবে বিবেচিত নহ'ব । এই বঁটা লাভ কৰোতা লেখক-লেখিকাই লাভ কৰিব নগদ ৫০,০০০ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ । গ্ৰন্থ প্ৰেৰণ কৰি ন্যাসৰ পৰা দিয়া এখন প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰকে স্বাক্ষৰ কৰিব লাগিব । প্ৰ-পত্ৰ ন্যাসৰ ৱেৱছাইট হৈছে www.muninbarkotoki.org ।

“মুনীন বৰকটকী সাহিত্য বঁটা”ৰ বাবে গ্ৰন্থ/পাণ্ডুলিপি আহ্বান...
অসমক লাগে এজন স্বতন্ত্ৰ গৃহমন্ত্ৰীঃ বীৰ লাচিত সেনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in