পৌৰ নিগমে ছীল কৰিলে জু-ৰোডৰ গ্ৰীল্ড পাণ্ডাঃ খাদ্যৰ নামত বিক্ৰী কৰিছিল অখাদ্য!

ৰেষ্টুৰেণ্টখনৰ নাই প্ৰয়োজনীয় নথি-পত্ৰ

author-image
Asomiya Pratidin
New Update
পৌৰ নিগমে ছীল কৰিলে জু-ৰোডৰ গ্ৰীল্ড পাণ্ডাঃ খাদ্যৰ নামত বিক্ৰী কৰিছিল অখাদ্য!

পৌৰ নিগমে ছীল কৰিলে জু-ৰোডৰ গ্ৰীল্ড পাণ্ডাঃ খাদ্যৰ নামত বিক্ৰী কৰিছিল অখাদ্য !

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ হোটেল, ৰেষ্টুৰেণ্টসমূহত পৌৰ নিগমৰ অভিযান অব্যাহত আছে। এখনৰ পাছত এখনকৈ হোটেল, ৰেষ্টুৰেণ্টত পৌৰ নিগমে অভিযান চলাই এইসমূহে কিদৰে খাদ্যৰ নামত মানৱ শৰীৰ সৈতে হেতালি খেলিছে সেয়া পোহৰলৈ আহিছে।

Advertisment

আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এই অভিযানত এনে তথ্যও পোহৰলৈ আহিছে সংশ্লিষ্ট বিভাগৰ অনুমতি অবিহনেই অথবা প্ৰয়োজনীয় নথি-পত্ৰ অবিহনেই মহানগৰীত একাংশ হোটেল, ৰেষ্টুৰেণ্ট চলি আছে।

পৌৰ নিগমে শনিবাৰে নিশাও অভিযান চলাই এনে এখন ৰেষ্টুৰেণ্ট ছীল কৰিছে। পৌৰ নিগমে ছীল কৰা এই ৰেষ্টুৰেণ্টখন জু-ৰোডত থকা গ্ৰীল্ড পাণ্ডা। উল্লেখ্য যে, পৌৰ নিগমৰ দলটোৱে অভিযান চলোৱাৰ সময়ত এই ৰেষ্টুৰেণ্টখনৰ প্ৰয়োজনীয় নথি-পত্ৰও নথকা বুলি স্পষ্ট হয়। তাৰ পাছতেই ছীল কৰা হয়।

কেৱল সেয়াই নহয় এই ৰেষ্টুৰেণ্টখনৰো খাদ্য প্ৰস্তুত কৰা হয় অস্বাস্থ্যকৰ পৰিবেশত। ৰেষ্টুৰেণ্টখনৰ ৰান্ধনীশালো স্বাস্থ্যসন্মত নহয়। কেৱল মাত্ৰ সাধাৰণ অনুজ্ঞাপত্ৰৰে স্বত্বাধিকাৰীয়ে এই ৰেষ্টুৰেণ্ট ব্যৱসায় চলাই অহাৰ অভিযোগ উঠিছে।

অৱশ্যে পৌৰ নিগমে ৰেষ্টুৰেণ্টখন ছীল কৰাত খৰ্গহস্ত হৈ পৰিছে স্বত্বাধিকাৰগৰাকী। তেওঁ ৰেষ্টুৰেণ্টখনত চলা পৌৰ নিগমৰ এই অভিযানক ষড়যন্ত্র আখ্যা দিছে। তেওঁ অভিযোগ কৰি কয় যে, কাষৰ আন আন ৰেষ্টুৰেণ্টত পৌৰ নিগমে কিয় অভিযান চলোৱা নাই? অৱশ্যে তাৰ পাছতো তেওঁ নথি-পত্রত আসোঁৱাহ থকাৰ কথা স্বীকাৰ কৰিছে।

Also Read: ডিজিপি অফিচৰ কাষতে ভয়ংকৰ দুৰ্ঘটনা...

জু-ৰোড পৌৰ নিগম