Advertisment

মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ আশাৰে বহুভাষিক কবি সন্মিলন সম্পন্ন

ৰাজ্যখনৰ বহু পথিকৃৎ সাহিত্য অনুষ্ঠান "বহুবাক" ( বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ উদ্যোগত মংগলবাৰে দিনৰ তিনি‌ বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত এখনি বহুভাষিক কবি সন্মিলন আড়ম্বৰপূৰ্ণ পৰিবেশৰ মাজত অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
কবি সন্মিলন

ডিজিটেল সংবাদ গুৱাহাটীঃ ৰাজ্যখনৰ বহু পথিকৃৎ সাহিত্য অনুষ্ঠান "বহুবাক" ( বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ উদ্যোগত মংগলবাৰে দিনৰ তিনি‌ বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত এখনি বহুভাষিক কবি সন্মিলন আড়ম্বৰপূৰ্ণ পৰিবেশৰ মাজত অনুষ্ঠিত হয়। বিষ্ণুপ্ৰিয়া মণিপুৰী নৱজাগৰণৰ অন্যতম সাহিত্যিক, জাতীয় কবি গোকুলানন্দ গীতিস্বামীৰ‌ ১২৮ সংখ্যক ওপজা বাৰ্ষিকী উপলক্ষে আয়োজন কৰা কবি সন্মিলনখনি সঞ্চালনা কৰে বহুবাকৰ লগতে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহই ।

Advertisment

বহুবাকৰ প্ৰধান সম্পাদক তথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য দীপক শৰ্মাই আঁত ধৰা অনন্য কবি সন্মিলনৰ আদিতে গোকুলানন্দ গীতিস্বামীৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত ন্যায়ধীশ তথা বিশিষ্ট চিন্তাবিদ, লেখক বিনয় কুমাৰ শৰ্মাই।

মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ আশাৰে বহুভাষিক কবি সন্মিলন সম্পন্ন

শৰ্মাই তেওঁৰ নাতিদীৰ্ঘ ভাষণত কয়- "সাম্প্ৰতিক সমাজত কবি- সাহিত্যিকসকলৰ গুণ-গৰিমা চৌদিশে বিয়পি পৰিছে। বৰ্তমান আৰু শৰাইঘাটৰ‌ ৰণ নহয়, সৰ্বাধিক সংখ্যকে গভীৰৰ পৰা গভীৰতালৈ যাব নোখোজে।"

সভাত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে মুখ্য অতিথিৰ ভাষণত কয়- "আমি এটি চাটিৰ তলতে থাকিব লাগে। সকলো সৰু বৰ জাতি -জনজাতিক আকোঁৱালি লৈ আমি সাহিত্য -সাংস্কৃতিক পথাৰখন কপকপিয়া কৰিব লাগে।"

দেউৰী সাহিত্য সভাৰ সভাপতি তথা প্ৰশাসনিক বিষয়া ড০ ষড়ানন দেউৰীয়ে কয়- "বহুবাকে অসমৰ সৰু-বৰ জনগোষ্ঠীবোৰৰ ভাষা সংৰক্ষণ, সংবৰ্ধনৰ কাম কৰি আছে।" সভাত ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, অৱসৰপ্ৰাপ্ত কৰ্ণেল বিজয় সিংহই বিশিষ্ট অতিথিৰ ভাষণত বহুবাকৰ প্ৰদক্ষেপক অভিনন্দন জনায়।

মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ আশাৰে বহুভাষিক কবি সন্মিলন সম্পন্ন

সভাত কিশোৰ কুমাৰ জৈন, কৃষ্ণৰাম মিলি, ড০ সুষমা মজুমদাৰ, ৰূপক জি. দুৱৰা, মীনাক্ষী চক্ৰৱৰ্তী, প্ৰশান্ত গগৈ, শশধৰ ডেকা, তুলতুল কুমাৰ দাস, মৃদুলা বৰা, বৃন্দালী দেৱী, দ্বিজেন কামান‌, অৱসৰপ্ৰাপ্ত কেপ্টেইন অশ্বিনী কুমাৰ সিনহা, জগদীশ পাটগিৰি, তৰালী ডেকা, অখিল চন্দ্ৰ গোস্বামী, দেৱযানী ৰাজবংশী, পূৰবী বৰুৱা, ৰাজলক্ষী শইকীয়া লাহন, জীৱেশ্বৰ গোস্বামী, কনক চন্দ্ৰ ডেকা,বিভাষ‌ দাস, প্ৰতাপ চন্দ্ৰ সিংহ প্ৰকৃতিয়ে কবিতা পাঠ কৰে।

অসমীয়া, ইংৰাজী, হিন্দী, বিষ্ণুপ্ৰিয়া মণিপুৰী, দেউৰী, মিছিং, বড়ো, বাংলা ভাষাত কবিসকলে কবিতা পাঠ কৰে। ভিন ভিন ভাষা-ভাষিৰ কবিৰে উপচি পৰা কবি সন্মিলনত প্ৰতিজন কবিয়ে আশা‌ কৰে মণিপুৰত শান্তি প্ৰতিষ্ঠা হওক।

সকলোৰে মাজত গঢ়ি উঠক ভাতৃত্বৰ প্ৰেম। আৰু আশা কৰে দেশে-দেশে প্ৰতিষ্ঠা হওক একতাৰ -সম্প্ৰীতিৰ বান্ধোন। উল্লেখযোগ্য যে কবিসকলে আই ম'বাইল চাই কবিতা পাঠ নকৰাটো।

কবি সন্মিলন মণিপুৰ গুৱাহাটী প্ৰেছ ক্লাব