/asomiyapratidin/media/media_files/2024/12/27/ckeiVawAkVmmLZ0aQzqr.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে গুৱাহাটীৰ লাষ্টগে’টৰ নাহৰণি পথত হত্যাৰ বলি হোৱা টিংখঙৰ মৌচুমী গগৈৰ শেষকৃত্য সম্পন্ন হ’ব নৱগ্ৰহত শ্মশানত। জানিব পৰা মতে মৌচুমীৰ পৰিয়ালে মৃতদেহ টিংখঙলৈ নিনিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
আৰক্ষীয়ে মৃতদেহ টিংখঙলৈ নিয়াৰ ক্ষেত্ৰত সকলোধৰণৰ সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়াৰ পিছতো মৌচুমী গগৈৰ ভাতৃয়ে মৃতদেহ টিংখঙলৈ নিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে। তেওঁ দিছপুৰ আৰক্ষী থানাত ঘাতক ভূপেন দাসৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।
মৌচুমী গগৈক হত্যা কৰা ঘাতক ভূপেন দাস এতিয়াও জি এম চি এইছত চিকিৎসাধীন হৈ আছে। আজি মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৌচুমীৰ মৃতদেহ পৰিয়ালৰ লোকৰ উপস্থিতিত নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হৈছে।
উল্লেখ্য যে, ভূপেন দাস আৰু মৌচুমী গগৈৰ মাজত আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক। বিবাহ বিচ্ছেদিত মৌচুমী গগৈ কৰ্মৰ সন্ধানত টিংখঙৰ পৰা গুৱাহাটীলৈ আহিছিল আৰু গুৱাহাটীতে কাম কৰি আছিল। মৌচুমীৰ ১০ বছৰীয়া কন্যা সন্তান থাকে আইতাকৰ ঘৰত।
গুৱাহাটীলৈ অহাৰ পাছতে মৌচুমী চিনাকী হৈছিল গাড়ী চালক ভূপেন দাসৰ সৈতে। নলবাৰীৰ ভূপেন দাস দুই সন্তানৰ পিতৃ। পত্নী, সন্তান থকাৰ পাছতো তেওঁ মৌচুমীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছিল।
এই বিষয়ে অৱগত হোৱাৰ পিছতে দুয়োৰে মাজত বাঢ়ি আহিছিল দুৰত্ব আৰু বিষয়টো গৈ আৰক্ষীৰো কাষ পাইছিলগৈ। তাৰ মাজতে বৃহস্পতিবাৰে ভূপেন দাসে মৌচুমী গগৈক ছুৰীৰে আঘাত কৰি হত্যা কৰে। পৰৱৰ্তী সময়ত নিজেও আত্মহত্যাৰ চেষ্টা কৰে। অৱশ্যে ভূপেন দাস ৰক্ষা পৰে।