ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক মৰেল পুলিচিঙৰ ঘটনা। সামান্য অপৰাধৰ বাবেই এটা কিশোৰক একাংশ লোকে কেৱল প্ৰহাৰ কৰাই নহয় খুটাত বান্ধি গছকি গছকি প্ৰহাৰ কৰাৰ দৃশ্য পোহৰলৈ আহিছে।
গুৱাহাটী মহানগৰীৰ জটিয়াত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে এটি কিশোৰে এখন দোকানৰ পৰা গাখীৰৰ পেকেট এটা চোৰ কৰিবলৈ লওঁতেই ধৰা পৰে।
তাৰ পাছতে কিশোৰটোক এই অপৰাধৰ বাবে প্ৰহাৰ কৰে। তাতেই শান্ত নাথাকি এটা খুঁটাত বান্ধি কিশোৰটোক একাংশ লোকে প্ৰহাৰ কৰাৰ লগতে বাইকৰ চাবি হাতৰ মুঠিত লৈ মৰা ঘোচাত কিশোৰটোৱে চকুৰ কাষতে বেয়াকৈ আঘাত পায়।
কোনোমতে কিশোৰটোৰ চকু ৰক্ষা পৰে যদিও চকুৰ ঠিক কাষৰ পৰা তেজ ওলায়েই আছে। ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।
ইফালে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় ভগদত্তপুৰৰ আৰক্ষী। আৰক্ষীয়ে কিশোৰটোৰ উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যায়। কিন্তু কিশোৰটোক এইদৰে সামান্য অপৰাধৰ বাবেই অমানুষিক অত্যাচাৰ চলোৱাসকলৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষ্যণীয়। স্থানীয় একাংশ লোকে এসকল মৰেল পুলিচৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে।