/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/84938151-ef46-4726-a779-3f3108feb419/piyush.jpg)
মথাউৰি পৰিদৰ্শন
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে কমলপুৰ আৰু হাজো সমষ্টিৰ অন্তৰ্গত দুটা স্থান পৰিদৰ্শন কৰে । মন্ত্ৰীগৰাকীয়ে কলাজল আৰু বৰলীয়া নদীৰ মথাউৰি পৰিদৰ্শন কৰে । মন্ত্ৰীগৰাকীয়ে প্ৰথমতে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ সৈতে সমষ্টিটোৰ অন্তৰ্গত কলাজল নদীৰ মথাউৰি পৰিদৰ্শন কৰে । ২০২৩-২৪ বিত্তীয় বৰ্ষত নদীখনৰ দুয়োপাৰে মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/86f251d3-1a94-4e1e-9e13-6183a3c782b5/364645fd_c581_4356_8ef9_42b934e59f3b.jpg)
আনহাতে সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী হাজৰীকাই কয় বিগত বৰ্ষৰ প্ৰলয়ংকাৰী বানত ৰাজ্যখনৰ ২৬ টা মথাউৰি ৪১ টা স্থানত চিঙিছিল । চিগা অংশসমূহ বিভাগীয়ভাৱে ইতিমধ্যেই মেৰামতি কৰি দিয়া হৈছে । আনহাতে মথাউৰিটোৰ চিগা অংশৰ লগতে গোটেই মথাউৰিটোৱেই ওখ আৰু শক্তিশালী কৰাৰ কামো বৰ্তমানে চলি আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/51d72d3e-1371-4038-a28a-f2ea9fc09c02/4ae20450_0a1b_4192_81cb_4dfcf798b5f8.jpg)
ৰাজ্যখনৰ এনে মথাউৰিসমূহৰ মুঠ ৬০ ৰ পৰা ৭০ শতাংশ কাম ইতিমধ্যেই সমাপ্ত হৈছে বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ কয় যে আগন্তুক দুমাহৰ ভিতৰত বাৰিষাৰ আগতে বাকী সকলো কাম সমাপ্ত কৰা হ’ব যাৰ বাবে বিভাগৰ পৰা দিনে-ৰাতিয়ে কাম কৰি থকা হৈছে । প্ৰাকৃতিক দুৰ্যোগক পোনচাটেই নিয়ন্ত্ৰণ কৰিব পাৰি বুলি ক’ব নোৱাৰি যদিও মথাউৰিক লৈ ৰাইজ ইমান শংকিত হোৱাৰ কাৰণ নাই বুলি মন্ত্ৰী হাজৰীকাই পৰিদৰ্শনৰ সময়ত মন্তব্য কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0a9c4b7e-ab57-4a4d-b9f7-fe04e313df42/8e80a05c_b61e_4491_9a10_5a446ea819bb.jpg)
পাছত মন্ত্ৰী হাজৰীকাই হাজো সমষ্টিৰ অন্তৰ্গত চমুখা ঘাট আৰু বাথান অঞ্চল ভ্ৰমণ কৰি বিভাগীয় ভাৱে চলি থকা বৰলীয়া নদীৰ মথাউৰি পুনৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে । উল্লেখযোগ্য যে বিগত বাৰিষাত অঞ্চল দুটাত বৰলীয়া নদীৰ বানে মথাউৰি চিঙি অঞ্চলটোত বানৰ সৃষ্টি কৰিছিল । মথাউৰি চিঙা অংশ দুটা ইতিমধ্যেই মেৰামতি কৰি মথাউৰিটোৰ ৩.৫ কিল’মিটাৰ অংশ ওখ আৰু শক্তিশালী কৰাৰ কাম কৰি থকা হৈছে । মন্ত্ৰী গৰাকীৰ আজি পৰিদৰ্শনৰ সময়ত স্থানীয় লোকসকলে মথাউৰি নিৰ্মাণৰ কামত নিজৰ সন্তোষ্টি প্ৰকাশ কৰে । এই পৰিদৰ্শনৰ সময়ত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াও উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/6bc2b12d-0496-4f12-bd0f-00ea28e89601/cf4b42d8_3ce7_4c03_8298_43b94686c40a.jpg)
Also Read: কিয় আঁতৰাই দিয়া হ’ল দিল্লীত থকা ব্ৰিটিছ হাই কমিছনৰ বেৰিকেড ?