/asomiyapratidin/media/media_files/2025/05/05/xv43fjg90B2cBadiTvuv.jpg)
ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ অন্তিম দিনটোত আজি মন্ত্ৰী পীযুষ হাজৰীকাই গুৱাহাটী মহানগৰৰ সোণাপুৰ আৰু দুৰুঙত অনুষ্ঠিত বিজেপিৰ দুখনকৈ 'বিজয় সংকল্প সমাৱেশ'ত অংশগ্ৰহণ কৰে। সোণাপুৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত বিজেপি গুৱাহাটী মহানগৰ জিলা আৰু সোণাপুৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত বিশাল সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ভোটাৰ ৰাইজক দলে-বলে ওলাই আহি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি বিজেপি মিত্ৰজোঁটৰ মনোনীত প্রার্থীসকলক বিপুল ভোটত জয়ী কৰি শক্তিশালী পঞ্চায়ত গঠনত অৰিহণা যোগাবলৈ আহ্বান জনায়।
সভাত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি পাকিস্তানৰ সমৰ্থক কংগ্ৰেছ দলক ভোট নিদিবলৈ ৰাইজক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে পাকিস্তানৰে সম্পৰ্ক ৰক্ষা কৰি বিতৰ্কৰ মাজত সোমাই পৰা কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰে।
বিজেপি চৰকাৰৰ দিনত অসমত হাস্পতালতকৈ মদৰ দোকান বেছি হৈছে বুলি কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে গৌৰৱ গগৈ ডাঙৰীয়া আপুনি হিচাপটো নাজানে। আপুনি অসমত নাথাকে, অসমৰ বায়ু-পানীৰ লগত আপোনাৰ সম্পৰ্ক কম, আপুনি পাকিস্তানী সমৰ্থক, আপোনাৰ ল’ৰা-ছোৱালী ইংলেণ্ডৰ নাগৰিক, গতিকে অসমৰ লগত আপোনাৰ সম্পৰ্ক কম।
মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলৰ নেতাসকলে কিছুমান কথা পাহৰিলে বুলি উল্লেখ কৰি কয় যে কংগ্ৰেছ দলে অসমখন ৬০ বছৰ চলাই অসমত মেডিকেল কলেজ বনাইছিল মাত্ৰ ৬ খন। কিন্তু বিজেপি চৰকাৰ শাসনত বহি অসমত মেডিকেল কলেজ বনালে ১৯ খন।
কেইদিনমান পিছত দৰঙত আন এখন মেডিকেল কলেজ হ’ব। গতিকে ইয়াকে লৈ বিজেপি চৰকাৰে প্ৰায় ১০ বছৰত অসমত ২০ খন মেডিকেল কলেজ নিৰ্মাণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে ৰাইজক অৱগত কৰে। এতিয়া জিলাই জিলাই ৰাজ্যত মেডিকেল কলেজ নিৰ্মাণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে এপিএছচি কেলেংকাৰি সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে, কংগ্ৰেছ দলে তেওঁলোকৰ শাসন কালত ৰাকেশ পালক অনিয়মেৰে এপিএছচিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল। সেই সময়ত কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী আছিল প্ৰয়াত তৰুণ গগৈ।
তৰুণ গগৈয়ে অন্যায় কৰি ৰাকেশ পালক অধ্যক্ষ নিযুক্তি দি দুৰ্নীতি কৰাৰ লাইচেন্স দি দিছিল। আয়োগৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, ৰাকেশ পালে তৰুণ গগৈৰ পুত্ৰ সাংসদ গৌৰৱ গগৈক বিয়াত সোণৰ অলংকাৰ উপহাৰ দিছিল।
আনকি প্ৰতিবেদনখনত উল্লেখ থকা মতে, অসমীয়া ছোৱালীয়ে এপিএছচি চাকৰিৰ কাৰণে সতীত্বও দিব লগা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই সকলোবোৰ কংগ্ৰেছৰ দিনত হৈছিল। কিন্তু এতিয়া সেই পৰিৱেশ নাই।
বিজেপিৰ দিনত ডেৰ লাখ চাকৰি দিয়া হ’ল, কিন্তু ক’তো এটা টকাৰো দুৰ্নীতি হোৱা নাই। কাৰণ এইখন ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, এইখন বিজেপিৰ চৰকাৰ, এইখন এজিপিৰ চৰকাৰ। এই চৰকাৰৰ দিনত কোনেও এটা টকাৰো দুৰ্নীতি কৰিবলৈ সাহস কৰিব নোৱাৰে বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে উল্লেখ কৰে।
সভাত মন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম, জনহিতৈষী আঁচনি আদিৰ বিষয়ে উল্লেখ কৰে। উল্লেখ্য যে আজি ভাষণ দিয়াত কৈ ভোটাৰ ৰাইজৰ সৈতে বিজেপি চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক কাম, আঁচনি সন্দৰ্ভত দীঘলীয়া সময় ধৰি বাৰ্তালাপ কৰে।
সভাত জ্যেষ্ঠ বিধায়ক অতুল বৰা, বিধায়ক সঞ্জয় কিষাণ, প্ৰাক্তন সাংসদ কুইন ওজা, এএছটিচিৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ, অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ড০ তপন দাসৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে দুৰুঙত বিজেপিৰ গুৱাহাটী মহানগৰ জিলা আৰু ডিমৰীয়া মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত আন এখন 'বিজয় সংকল্প সমাৱেশ'ত উপস্থিত থাকি ভাষণ দাঙি ধৰে।
সভাত ৰাইজৰ অংশগ্ৰহণ, পাৰভঙা উছাহ, সমৰ্থন প্ৰত্যক্ষ কৰি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰে। শক্তিশালী পঞ্চায়ত তথা সমৃদ্ধিশালী অসম গঢ়াৰ উদ্দেশ্যে ভোটাৰ ৰাইজক মন্ত্ৰীগৰাকীয়ে বিজেপি মিত্ৰজোঁটৰ মনোনীত প্রার্থীসকলক বিপুল ভোটত জয়ী কৰিবলৈ মই আহ্বান জনায়।
এইখন সভাতো জ্যেষ্ঠ বিধায়ক অতুল বৰা, এএছটিচিৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ আদিৰ লগতে যথেষ্টসংখ্যক দলীয় কাৰ্যকৰ্তা, শুভাকাংক্ষী উপস্থিত থাকে।