মহাপুৰুষীয়া সংস্কৃতি ভাওনাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি ক্ষমা খুজিলে মন্ত্ৰী অশোক সিংহলে

অৱশেষত ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মন্ত্ৰী অশোক সিংহলে। শেহতীয়াকৈ ভাওনা সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলে কৰা অপমানসূচক মন্তব্যক লৈ ৰাজ্যজুৰি বিতৰ্কৰ সূচনা হৈছিল।  

author-image
Tushar Pratim
New Update
মহাপুৰুষীয়া সংস্কৃতি ভাওনাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি ক্ষমা খুজিলে মন্ত্ৰী অশোক সিংহলে

ডিজিটেল ডেস্কঃ অৱশেষত ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মন্ত্ৰী অশোক সিংহলে। শেহতীয়াকৈ ভাওনা সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলে কৰা অপমানসূচক মন্তব্যক লৈ ৰাজ্যজুৰি বিতৰ্কৰ সূচনা হৈছিল।  

Advertisment

উল্লেখ্য যে, গুৱাহাটী প্ৰেছ ক্লাবে অনুষ্ঠিত কৰা ''গান্ধাৰীৰ অভিশাপ'' শীৰ্ষক ভাওনালৈ নিমন্ত্ৰণ দিবলৈ যোৱা প্ৰেছ ক্লাবৰ এটা প্ৰতিনিধিৰ দলৰ সন্মুখত ভাওনা সন্দৰ্ভত মন্ত্ৰী সিংহলে অপমানসূচক মন্তব্য কৰাৰ অবিযোগ উঠিছিল। মন্ত্ৰী সিংহলে ভাওনা 'ছেকুলাৰ' নহয় বুলি কোৱাৰ লগতে 'গুৱাহাটী প্ৰেছ ক্লাবে ভাওনা কিয় পাতিব লাগে' আদিৰ দৰে মন্তব্য কৰি চৰম ধৃষ্টতাৰ পৰিচয় দিছিল।

মহাপুৰুষ জনাৰ এই অমৰ সৃষ্টিৰ প্ৰতি দেখুওৱা বণিয়া মন্ত্ৰী অশোক সিংহলৰ ধৃষ্টতা আৰু দাম্ভিক আচৰণৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত ৰাজ্যজুৰি জনমত গঠন হোৱাৰ লগতে বিৰোধী ৰাজনৈতিক দলৰ উপৰিও বিভিন্ন জাতীয় সংগঠনে কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। শেহতীয়াকৈ বিধানসভাত তেওঁৰ বিৰুদ্ধে ভৰ্ৎসনাৰো প্ৰস্তাৱ গৃহীত কৰা দাবী উত্থাপন কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

এইদৰেই বিষয়টোৱে ব্যাপক হাৰত চৰ্চা আৰু প্ৰতিক্ৰিয়া লাভ কৰাৰ পাছত আজি সামাজিক মাধ্যমৰ জৰিয়তে মন্ত্ৰী সিংহলে ক্ষমা খুজিবলৈ বাধ্য হয়। তেওঁ নিজৰ ফেচবুক পেজত লিখিছে- ''মহাপুৰুষজনাৰ অনুপম সৃষ্টি ভাওনা সন্দৰ্ভত মই নেতিবাচক মন্তব্য দিয়া বুলি শেহতীয়াকৈ এক প্ৰচাৰ চলোৱা হৈছে। কিন্তু মই এনে মন্তব্য দিয়া বুলি চলোৱা প্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন আৰু মই এনে মন্তব্য দিয়াৰ প্ৰশ্নই উত্থাপিত নহয়। কিন্তু সমগ্ৰ বিষয়টোক লৈ একাংশ সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰচাৰিত হৈছে আৰু বিষয়টো সন্দৰ্ভত জনমানসত এক ভুল ধাৰণাৰ সৃষ্টি কৰা হৈছে। এই বিষয়টোৱে কাৰোবাৰ মনত হয়তো দুখ দিব পাৰে। এই বিষয়টোক লৈ মই কোনো অনাহক বিতৰ্ক বিচৰা নাই যদিও বিষয়টোৱে যদি কাৰোবাৰ মনত দুখ দিছে, তেন্তে তাৰবাবে মই ক্ষমাপ্ৰাৰ্থী।''

মন্ত্ৰী অশোক সিংঘাল

উল্লেখ্য, ইয়াৰ পূৰ্বে মন্ত্ৰী সিংহলে অৱশ্যে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ তুলি এগৰাকী সাংবাদিকৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰাৰো ভাবুকি দিছিল সামাজিক মাধ্যমৰ জৰিয়তে। সিংহলৰ এনে দাম্ভিক আচৰণে বিষয়টোক অধিক জটিলতাৰ মাজলৈ লৈ গৈছিল।

ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ নিজেই ভাওনা চাবলৈ আহিব বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল। তাৰোপৰি নিজ দলৰেই বিধায়কৰ দ্বাৰাও সমালোচিত হৈছিল মন্ত্ৰীগৰাকী। এনে পৰিস্থিতিত পৰিয়েই তেওঁ আজি এইদৰে সামাজিক মাধ্যমৰ জৰিয়তে ক্ষমাপ্ৰাৰ্থী বুলি উল্লেখ কৰি বিষয়টো ইমানতে সমাপ্ত কৰাৰ চেষ্টা কৰিলে। 

 

 

গুৱাহাটী প্ৰেছ ক্লাব অশোক সিংঘাল ভাওনা