ডিজিটেল সংবাদ, গুৱাহাটী : জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত ডোডা সমষ্টিৰ আম আদমি পার্টীৰ বিজয়ী প্রার্থী মেহৰাজ মালিকৰ ঐতিহাসিক বিজয়লৈ আন্তৰিক অভিনন্দন জনাইছে আম আদমি পার্টী অসম ৰাজ্যিক সমিতিয়ে। এক শুভেচ্ছা বার্তাত আপ, অসমৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে মেহৰাজ মালিকৰ বিজয়ৰ বাবে সমগ্র দেশৰ আপৰ কৰ্মী, সমর্থক আৰু শুভাকাংক্ষী ৰাইজক ধন্যবাদ জনায়।
সভাপতিগৰাকীয়ে দেশৰ পঞ্চমখন ৰাজ্যত আপ দলৰ বিধায়ক হোৱাত সুখ প্রকাশ কৰাৰ লগতে দলটোৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল নেতৃত্বত সমগ্র দেশতে ক্ষীপ্ৰতাৰে সততাৰ ৰাজনীতি আগবাঢ়িছে বুলি উল্লেখ কৰে। আনহাতে হাৰিয়ানা নিৰ্বাচনৰ ফলাফলক লৈ দলটোৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক তথা অসমৰ প্রাক্তন ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে 'যোৱা দুটা বছৰ আম আদমি পার্টীৰ বাবে অতি কঠিন সময় হৈ পৰিছে। আমাক যিদৰে আক্ৰমণ কৰা হৈছে, কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ চিবিআই, ইডি আদিৰ দ্বাৰা ভুৱা অভিযোগত আমাৰ মুখ্য নেতাক কাৰাগাৰত বন্দী কৰা হৈছে, এইয়া দেশৰ ইতিহাসত কোনো এখন চৰকাৰে কোনো দলক কৰা নাছিল।
এইয়ে আমাৰ দলৰ হাৰিয়ানা বিধানসভা নির্বাচনত যথেষ্ট প্রভাৱ পেলালে। কেন্দ্ৰীয় চৰকাৰে আচলতে দুর্নীতিৰ বিৰুদ্ধে কোনো তদন্ত কৰা নাই। তেওঁলোকৰ একমাত্র উদ্দেশ্য আম আদমি পার্টীৰ ৰাজনীতিৰ গতি অন্ত পেলোৱা। ইমান আক্রমণ সত্ত্বেও আমাৰ দলৰ কৰ্মীৰ মনোবল ভাঙিব পৰা, এতিয়া অনাগত দিনবোৰত দেশৰ ৰাজনীতিত আম আদমি পার্টী আৰু অধিক শক্তিশালী হৈ উঠিব' বুলি মন্তব্য কৰে।