/asomiyapratidin/media/media_files/2024/12/01/P4ZD3KajOhvh6w4xiG9x.jpg)
ডিজিটেল ডেস্কঃ নন্দিনী উইণ্টাৰ বাণিজ্য মেলাত আজি শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত হয় কৰ্মশালা। মেক্সিমালিষ্ট আৰ্ট ইন মিনিটছ নামৰ এই কৰ্মশালাত বহু কেইগৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।
এই কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে প্ৰিয়ংকা বৰুৱা। শৈশৱৰ পৰাই আৰ্টৰ প্ৰতি আকৰ্ষিত প্ৰিয়ংকাই দ্বিতীয়বাৰৰ বাবে নন্দিনীৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।
বিগত বছৰতো তেওঁ শিক্ষাৰ্থীৰ মাজত কেইবাটাও আৰ্টৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল। এইবাৰ তেওঁ চিত্ৰাংকণ প্ৰতিযোগিতাৰ পাছতে শিক্ষাৰ্থীসকলৰ মাজত মেক্সিমালিষ্ট আৰ্টৰ প্ৰশিক্ষণ প্ৰদান কৰে।
কৰ্মশালাক অংশগ্ৰহণৰ সময়ত শিক্ষাৰ্থীসকলৰ মাজত যথেষ্ট উৎসুকতাও পৰিলক্ষিত হয়। চিত্ৰাংকণ প্ৰতিযোগিতাৰ পাছত এই বিশেষ কৰ্মশালাত অংশগ্ৰহণ কৰি তেওঁলোক আনন্দিত হৈ পৰে বুলিও কয়।
প্ৰশিক্ষণৰ অন্তত শিক্ষাৰ্থীসকলক একোখনকৈ মানপত্ৰও প্ৰদান কৰা হয়। প্ৰশিক্ষাৰ্থীসকলে এই কৰ্মশালাত অতি আগ্ৰহৰে অংশগ্ৰহণ কৰাৰ বাবে উৎফুল্লিত বুলি কয় প্ৰিয়ংকা বৰুৱাই। তেওঁ স্মিতাক্ষী বি গোস্বামী আৰু নন্দিনীৰ এনে প্ৰচেষ্টাক শলাগ লয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us